তীব্ৰগতি হ’ল কাল! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৬গৰাকীকৈ তীৰ্থযাত্ৰীয়ে…

পৃথক দুটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে প্ৰায় ১৬ জনলোকে লগতে আহত হয় ৪৫ ৰো অধিক। জানিব পৰা মতে, এই দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা আটাইকেইগৰাকী তীৰ্থযাত্ৰী আছিল।

তীব্ৰগতি হল কাল! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৬গৰাকীকৈ তীৰ্থযাত্ৰীয়ে...

উল্লেখ্য যে, সেই বাহনখনত নাছিল হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ।

Published: 

16 Feb 2025 | 08:25 PM

দুটাকৈ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৬জন লোকে আৰু আহত হয় প্ৰায় ৪৫ জন।  জানিব পৰা মতে, এখন ভেন আৰু ট্ৰেভেলাৰৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত ৫ জনলোক নিহত হয়। ইয়াৰ বিপৰীতে আন এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই প্ৰায় ১১ জনলোকে। এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ ছেহৱান চহৰত। তথ্য অনুসৰি প্ৰথমটো ঘটনা সংঘটিত হয় শ্বহীদ বেনাজিৰাবাদ জিলাৰ কাজী আহমেদ টাউনৰ সমীপত। য’ত এখন ভেন আৰু ট্ৰেইলাৰৰ সংঘৰ্ষত ৫জন লোক নিহত হোৱাৰ লগতে ১০জন আহত হয়। একাংশ তীৰ্থযাত্ৰীক লৈ ভেনখন ছেহৱানলৈ গৈ আছিল।

আৰক্ষীয়ে জনোৱা মতে, ভেনখনে প্ৰথমে এখন গাধৰ গাড়ীত খুন্দা মাৰে আৰু পাছত বিপৰীত দিশৰ পৰা অহা ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক হাস্পাতাললৈ প্ৰেৰণ কৰা লগতে নিহতসকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

ইয়াৰ বিপৰীতে, দ্বিতীয়টো ঘটনা সংঘটিত হয় খৈৰপুৰ জিলাৰ ৰাণীপুৰৰ সমীপত। তথ্য অনুসৰি, এখন বাছ আৰু ৰিক্সাৰ মাজত সংঘটিত পথ দুৰ্ঘটনাৰ ফলত ১১ জনলোকৰ মৃত্যু হোৱাৰ লগতে ৩৫ জন আহত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি বুৰেৱালাৰ পৰা আহি থকা বাছখন ৰিক্সাৰ সৈতে খুন্দা মৰাৰ ফলত বাগৰি পৰে। যাৰ ফলত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। মৃত আটাইকেইজন বুৰেৱালাৰ আছিল আৰু তেওঁলোক কলন্দাৰৰ উৰ্ছত অংশগ্ৰহণ কৰিবলৈ ছেহৱানলৈ গৈ আছিল।

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব কলন্দৰৰ উৰ্ছ

উল্লেখ্য যে, ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব কলন্দৰৰ উৰ্ছ। ইয়াৰ বাবে ১৯ ফেব্ৰুৱাৰীত বন্ধ ঘোষণা কৰিছে সিন্ধ চৰকাৰে। এই অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে লাখ লাখলোক ছেহৱানত উপস্থিত হৈ চুফী ধৰ্মগুৰু কলন্দৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে লাখ লাখ ভক্তই ইয়াত উপস্থিত হয় আৰু উৰ্ছু শেষ হোৱাৰ পাছত গুচি যায়।

এই উৰ্ছুলৈ যোৱাৰ সময়তে ১৬ জনলোকে প্ৰাণ হেৰুয়ায়। তথ্য অনুসৰি, বিগত চাৰি বছৰৰ ভিতৰত জামশোৰো আৰু ছেহৱানৰ মাজৰ সিন্ধু ঘাইপথৰ আধৰুৱা অংশত মুঠ ৯৭টা যান-বাহন দুৰ্ঘটনাত ১১৫ জন লোক নিহত হোৱাৰ লগতে ৩১৭ জন আহত হয়। প্ৰশাসনে এনে পথ দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও সেয়া সফল হৈ উঠা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব