শান্তিৰ নোবেল পাব লাগে ‘যোগ্য’ ট্ৰাম্পে! নোবেল সমিতিলৈ পত্ৰ লিখি মনোনীত কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰি নোবেল সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৱে। শান্তিৰ নোবেল বঁটা ট্ৰাম্পৰ প্ৰাপ্য বুলিও দাবী কৰি ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীয়ে হোৱাইট হাউছত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়তে এই মনোনয়ন পত্ৰখন ট্ৰাম্পৰ হাতত তুলি দিয়ে।

ট্ৰাম্পৰ নাম শান্তিৰ নোবেলৰ বাবে মনোনীত নেতান্যেহুৰ
শান্তিৰ নোবেল লাভ কৰিব নেকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে! মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰি নোবেল সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৱে। গাজাত যুদ্ধবিৰতিৰ প্ৰচেষ্টাৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহু আমেৰিকাত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত তেওঁ হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰে। এই সময়তে নেতান্যেহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰাৰ কথা কয়।
প্ৰধানমন্ত্ৰী নেতান্যেহুৱে উল্লেখ কৰা মতে তেওঁ নোবেল বঁটা সমিতিলৈ এই সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰিছে। ট্ৰাম্পৰ সন্মুখত এই চিঠিখন উপস্থাপন কৰি নেতান্যেহুৱে কয়, “এই পত্ৰ যোগে আপোনাক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছো, এই বঁটাৰ বাবে আপুনি যোগ্য আৰু এয়া আপোনাৰ প্ৰাপ্য।” হোৱাইট হাউছত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়তে তেওঁ এই মনোনয়ন পত্ৰখন ট্ৰাম্পৰ হাতত তুলি দিয়ে।
বৈঠকৰ আৰম্ভণিতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত নেতান্যেহুৱে ‘ইজৰাইলে আমেৰিকাৰ সৈতে একত্ৰিত হৈ পেলেষ্টাইনীসকলক এখন উন্নত ভৱিষ্যত দিব পৰা দেশৰ সন্ধান কৰিছে’ বুলি মন্তব্য কৰে। নেতান্যেহুৱে কয়, “গাজা কাৰাগাৰৰ দৰে নহয়, মুকলি ঠাই হ’ব লাগে। কোনো লোকে ইচ্ছা কৰিলে গাজাত থাকিব পাৰে, কিন্তু আঁতৰি যাব বিচৰাসকলে এক উচিত বিকল্প পাব লাগে। ইয়াৰ বাবে আমেৰিকা আৰু ইজৰাইলে একেলগে এনে দেশৰ সন্ধান কৰিছে, যি পেলেষ্টাইনীসকলক উন্নত ভৱিষ্যত দিব বিচাৰে।”
উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহত ট্ৰাম্পেও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ স্পষ্টকৈ ঘোষণা কৰিছিল যে আমেৰিকাই গাজা নিয়ন্ত্ৰণ কৰিব আৰু তাত থকা লোকসকলক আন দেশলৈ পঠিওৱা হ’ব। এতিয়া নেতান্যেহুৰ মুখতো শুনা গৈছে তেনে ইঙ্গিতপূৰ্ণ মন্তব্য। ইফালে নেতান্যেহুৰ সৈতে বৈঠকৰ সময়ত ড’নাল্ড ট্ৰাম্পে নিজে বিশ্বত বহু যুদ্ধ বন্ধ কৰি দিয়া বুলি মন্তব্য কৰে। এইক্ষেত্ৰত তেওঁ বিশেষকৈ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সংঘাতৰ কথা উল্লেখ কৰে।
দুয়োখন দেশৰ সৈতে ব্যৱসায়িক সম্পৰ্ক বন্ধ কৰাৰ ভাবুকি দি এই যুদ্ধ বন্ধ কৰা বুলি ট্ৰাম্পে লগতে দাবী কৰে। ভাৰত আৰু পাকিস্তানে হয়তো এই যুদ্ধত পাৰমাণৱিক অস্ত্ৰও ব্যৱহাৰ কৰিলেহেঁতেন বুলি দাবী কৰি এই যুদ্ধ বন্ধ কৰাটো সঁচাকৈয়ে অত্যন্ত গুৰুত্বপূৰ্ণ আছিল বুলি ট্ৰাম্পে লগতে কয়। আনহাতে ইৰাণৰ ওপৰত আমেৰিকাই পুনৰ আক্ৰমণ চলাব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে এনে কাম পুনৰ হয়তো কৰিব লগা নহ’ব বুলি আশা প্ৰকাশ কৰে।
লক্ষণীয়ভাৱে ইজৰাইল হৈছে ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰা দ্বিতীয়খন দেশ। ইয়াৰ পূৰ্বে পাকিস্তানেও ট্ৰাম্পক নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল। ভাৰতৰ সৈতে সংঘাতৰ অন্ত পেলোৱাৰ পিছতে পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰে আমেৰিকা ভ্ৰমণ কৰিছিল। ইয়াৰ পিছতে পাকিস্তানে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰে।