ক’ভিডত আক্ৰান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন, নিৰ্বাচনত পৰিব নেকি প্ৰভাৱ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন লাছ ভেগাছত তেওঁৰ প্ৰথম অনুষ্ঠানৰ পাছত আজি ক'ভিডৰ পৰীক্ষা কৰিছিল। য'ত তেওঁৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে। ৰাষ্ট্ৰপতিগৰাকীক প্ৰতিষেধক আৰু বুষ্টাৰ ড'জ দিয়া হৈছে। জ' বাইডেনে ডেলাৱেৰ চহৰত নিজকে পৃথককৈ ৰাখিব । এই পৰিস্থিতিয়ে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে।

কভিডত আক্ৰান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেন, নিৰ্বাচনত পৰিব নেকি প্ৰভাৱ?

জ' বাইডেন

Published: 

18 Jul 2024 | 10:47 AM

ক’ভিডত আক্ৰান্ত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন। আমেৰিকা লাছ ভেগাছত তেওঁৰ প্ৰথম অনুষ্ঠানৰ পাছত আজি ক’ভিডৰ পৰীক্ষা কৰিছিল। য’ত তেওঁৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। ৰাষ্ট্ৰপতিগৰাকীক প্ৰতিষেধক আৰু বুষ্টাৰ ড’জ দিয়া হৈছে। জ’ বাইডেনে ডেলাৱেৰ চহৰত নিজকে পৃথককৈ ৰাখিব । হোৱাইট হাউচৰ পৰা অহা এক তথ্য কোৱা হৈছিল যে এই সময়ছোৱাত তেওঁ নিজৰ সকলো দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিব। হোৱাইট হাউচেও ৰাষ্ট্ৰপতিৰ স্থিতিৰ বিষয়ে নিয়মীয়াকৈ আপডেট দি থাকিব।

হোৱাইট হাউচৰ পৰা কোৱা হৈছিল যে ৰাষ্ট্ৰপতি বাইডেনে কৰ’নাৰ কিছু লক্ষণ অনুভৱ কৰিছিল। ৰাষ্ট্ৰপতি জ’ বাইডেন ক’ভিডৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা ঘোষণা কৰে হোৱাইট হাউচৰ প্ৰেছ সচিব কাৰিন জিন-পিয়েৰে ।
ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে জ’ বাইডেনে পৰৱৰ্তী কাৰ্যসূচীত উপস্থিত খাকিব নোৱাৰিব।

 

যোৱা কেইবাদিনো ধৰি জ’ বাইডেন নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰি থকাৰ খবৰ বিয়পি পৰিছিল। কেইদিনমানৰ ভিতৰতে ,আগষ্ট মাহত ডেমক্ৰেটসকলে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰিব। বুধবাৰে মুকলি কৰা এক সাক্ষাৎকাৰত বাইডেনে কয় যে যদি এজন চিকিৎসকে তেওঁক তেওঁৰ স্বাস্থ্য ভাল অৱস্থাত নাই বুলি কয়, তেন্তে তেওঁ ৰাষ্ট্ৰপতিপদৰ দৌৰত থাকিব নে নাই সেয়া পুনৰ বিবেচনা কৰিব।

সাক্ষাৎকাৰটোৰ পাছৰে পৰা বাইডেনে ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা বাহিৰ হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এতিয়া তেওঁ ক’ভিডৰ কাৰণে পৃথক হৈ থাকিব লাগিব। তেওঁক কেইদিনমানৰ বাবে কথা ক’বলৈও নিষেধ কৰা হৈছে।
এনে পৰিস্থিতিত তেওঁৰ নিৰ্বাচনী প্ৰচাৰত ইয়াৰ প্ৰভাৱও দেখা যাব। অৱশ্যে বাইডেনে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নে নকৰে সেই সন্দৰ্ভত এতিয়া একো সঠিককৈ ক’ব নোৱাৰি। কিন্তু এইটো নিশ্চিতভাৱে ক’ব পাৰি যে ইয়াৰ বাবে তেওঁলোকৰ দাবীদাৰ দুৰ্বল হ’ব।

ৰাষ্ট্ৰপতি জ’ বাইডেনে আমেৰিকাৰ নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব। অৱশ্যে ড’নাল্ড ট্ৰাম্পৰ ওপৰত হোৱা গুলীচালনাৰ পাছৰে পৰা তেওঁ আমেৰিকাত যথেষ্ট সমৰ্থন লাভ কৰা দেখা গৈছে। একে সময়তে ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা বিতৰ্কত জ’ বাইডেন যথেষ্ট পিছ পৰি আছিল। যেন তাৰ পৰাই বাইডেনৰ ৰাজনীতিৰ অৱনতি আৰম্ভ হৈছিল। ইয়াৰ পাছত কিছুমান ডেমক্ৰেট নেতাই তেওঁক নিৰ্বাচনী প্ৰচাৰ প্ৰত্যাহাৰ কৰিবলৈ কৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...