ইৰাণ আক্ৰমণ কৰিব পাৰে আমেৰিকাই! কি প্ৰভাৱ পৰিব ভাৰতীয় বজাৰত?

America-Iran Conflict: আমেৰিকাই আক্ৰমণ কৰিব পাৰে ইৰাণত। যোৱা কেইটামান দিন ধৰি ইৰাণত চলি আছে চৰকাৰ বিৰোধী প্ৰতিবাদ। পিথে প্ৰশ্ন হয়, ইৰাণত অস্থিৰতা বৃদ্ধি পালে প্ৰভাৱিত হ'ব নেকি ভাৰতীয় অৰ্থনীতি? কি কি সমস্যা আহিব পাৰে?

ইৰাণ আক্ৰমণ কৰিব পাৰে আমেৰিকাই! কি প্ৰভাৱ পৰিব ভাৰতীয় বজাৰত?

ভাৰত-ইৰাণ বাণিজ্য

Published: 

16 Jan 2026 | 12:20 PM

বিগত কেইটামান দিনৰ পৰা চৰকাৰ বিৰোধী প্ৰতিবাদে ইৰাণক জোকাৰি গৈছে। অৰ্থনীতিৰ পতন, অবাধ মূল্যবৃদ্ধি,  বিমুদ্ৰাকৰণক লৈ সমগ্ৰ দেশতে চলি আছে প্ৰতিবাদ। প্ৰথম অৱস্থাত এই  প্ৰতিবাদ আৰম্ভ হৈছিল খাদ্যৰ দামক লৈ। কিন্তু পৰৱৰ্তী সময়ত ই চৰকাৰ বিৰোধী প্ৰতিবাদলৈ পৰিণত হয়। চৰকাৰী তথ্য অনুসৰি, এই প্ৰতিবাদত এতিয়ালৈক ৭০ জনৰো অধিক লোকৰ মৃত্যু হৈছে।

২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ এতিয়া সমগ্ৰ দেশত বিয়পি পৰিছে। ইয়াৰ মাজতে প্ৰশ্ন হৈছে, আমেৰিকাই ইৰাণত কৰিব নেকি আক্ৰমণ? নিউয়ৰ্ক পোষ্টৰ বাতৰি অনুসৰি, “দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ মতে, ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ইৰাণৰ ওপৰত সম্ভাৱ্য বিমান আক্ৰমণৰ প্ৰাৰম্ভিক পৰিকল্পনাৰ বিষয়ে আলোচনা কৰি আছে।” ট্ৰাম্পে এবাৰতে একাধিক স্থানত আক্ৰমণ কৰিব বিচাৰে।

ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ

এই পৰিস্থিতি ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ ভাৰতৰ আঞ্চলিক সংযোগ আৰু বাণিজ্যিক কৌশলৰ কেন্দ্ৰবিন্দু ইৰাণ। ভাৰতৰ পৰা মধ্য এছিয়া, ৰাছিয়া আৰু ইউৰোপলৈ যোৱা কেইবাটাও পথ ইৰাণৰ মাজেৰে পাৰ হৈ যায়। অৱশ্যে ভাৰতে বিশেষ পৰিমাণৰ তেল ইৰাণৰ পৰা আমদানি নকৰে, যাৰ বাবে তেলৰ বজাৰত বিশেষ প্ৰভাৱ নপৰে।

ভাৰতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰকল্পটো হৈছে চাবাহাৰ বন্দৰ। পাকিস্তানক এৰি আফগানিস্তান আৰু মধ্য এছিয়ালৈ যোৱা এই পথটো ভাৰতৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ ( International North-South Transport Corridor (INSTC) ) ভাৰতৰ বাণিজ্যিক গাঁথনিৰ আন এক স্তম্ভ। এই কৰিড’ৰে ভাৰতৰ বাবে সাগৰীয় পথৰ খৰচ আৰু সময় বহু পৰিমাণে হ্ৰাস কৰে।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি, চাবাহাৰৰ ক্ষমতা ১ লাখ TEUৰ পৰা ৫ লাখ TEUলৈ বৃদ্ধি কৰা হৈছে। TEU অৰ্থাৎ ২০ ফুট দীঘল কন্টেইনাৰক ১ ইউনিট বুলি গণ্য কৰা হয়। ২০ ফুট দীঘল, ৮ ফুট বহল আৰু ৮ ফুট ওখ কন্টেইনাৰত থকা ঠাইৰ পৰিমাণক ১ TEU বোলা হয়। ৭০০ কিলোমিটাৰ দৈৰ্ঘৰ চাবাহাৰ-জাহেদন ৰে’লপথতো প্ৰায় সম্পূৰ্ণ হৈছে। ২০২৬ চনৰ মাজভাগৰ ভিতৰত এই লাইন মুকলি কৰাৰ লক্ষ্য।

দ্বিপাক্ষিক বাণিজ্য

ভাৰত-ইৰাণৰ দ্বিপাক্ষিক বাণিজ্যৰ দিশটোও গুৰুত্বপূৰ্ণ। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰত-ইৰাণৰ দ্বিপাক্ষিক বাণিজ্য আছিল প্ৰায় ১.৬৮ বিলিয়ন ডলাৰ। যিটো ভাৰতীয় মুদ্ৰাত ১৫,১৮০ কোটি ৫৭ লাখ টকাৰ সমতুল্য। ভাৰতে ইৰাণলৈ চাউল, চাহ, চেনি, ঔষধকে ধৰি বহু সামগ্ৰী ৰপ্তানি কৰে। গতিকে ইৰাণত অস্থিৰতা বৃদ্ধি পালে ভাৰতৰ অৰ্থনীতিতো প্ৰভাৱ পৰিব পাৰে আৰু এই প্ৰভাৱ হৈ পৰিব দীৰ্ঘস্থায়ী। এই প্ৰভাৱে ভাৰতীয় শ্বেয়াৰ বজাৰকো প্ৰভাৱিত কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ উপায়হীন ট্ৰাম্প! ইৰাণত আক্ৰমণ কৰিবলৈ সাজু নহয় আমেৰিকা সেনা…

গৰ্ভাৱস্থাত কিমান সুৰক্ষিত শাৰীৰিক সম্পৰ্ক? জানক সন্তানৰ ওপৰত পৰে নেকি প্ৰভাৱ
যুৱকসকলে কিয় প্ৰেমত পৰে বয়সীয়াল নাৰীৰ, আঁৰৰ কাৰণ কি?
সূৰ্যাস্তৰ পাছত আনক নিদিব এই ৫বিধ বস্তু!
এই ৫টা ভুলে মানুহক কৰি তোলে দৰিদ্ৰ! জানক সকলো...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি