ট্ৰাম্পৰ উপদেষ্টা ৰূপত কোন এই ইৰাকী মহিলা…

এলিনা হব্বা ইৰাকী মূলৰ এগৰাকী অধিবক্তা। ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰায়েই এইগৰাকী মহিলাক দেখা গৈছিল। তথ্য অনুসৰি জানিব পৰা মতে এলিনা হব্বাৰ বয়স ৪০ বছৰ।

ট্ৰাম্পৰ উপদেষ্টা ৰূপত কোন এই ইৰাকী মহিলা...

ট্ৰাম্প

Published: 

09 Dec 2024 17:19 PM

আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণৰ পূৰ্বে এটা শক্তিশালী টীম তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। নিউয়ৰ্কত ট্ৰাম্পে উৎকোচ লোৱাৰ গোচৰত তেওঁৰ হৈ যুঁজ দিয়া অধিবক্তাক নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়াৰ ঘোষণা কৰিছে। ড’নাল্ড ট্ৰাম্পৰ অধিবক্তা এলিনা হব্বাই চলিত বৰ্ষৰ আৰম্ভণিত ট্ৰাম্পৰ গৈ গোচৰত যুঁজ দিছিল। ইয়াৰ পূৰ্বে এইগৰাকী মহিলা আইনী মুখপাত্ৰও আছিল। ট্ৰাম্পৰ এই সিদ্ধান্তই এটা কথা বুজাইছে যে তেওঁৰ হাতত ক্ষমতা নথকা সময়চোৱাত যিসকল লোকে তেওঁক সমৰ্থন কৰিছিল সেইসকলক লৈ ট্ৰাম্প আমেৰিকা শাসনৰ বাবে আগবাঢ়িছে।

ট্ৰাম্পে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত লিখিছে যে, হব্বাই নিজৰ কামৰ প্ৰতি সদায় নিষ্ঠা প্ৰদৰ্শন কৰি আহিছে। নিজৰ উদ্দেশ্যত সদায় অটল থাকে তেওঁ। ট্ৰাম্পৰ আইনী ক্ষেত্ৰখনত হব্বাৰ বিগত সময়ত যথেষ্ঠ উত্থান ঘটিছে। তেওঁ অন্যতম উচ্চ পদস্থ অধিবক্তা হিচাপেও পৰিগণিত হৈছে।  আনকি হব্বাই প্ৰায়েই ট্ৰাম্পৰ সমৰ্থনত মুকলিকৈ মন্তব্য কৰি আহিছে।

উল্লেখ্য যে, মে’ মাহত নিউয়ৰ্কৰ এখন আদালতে ট্ৰাম্পক ২০১৬ চনৰ নিৰ্বাচনত এজন পৰ্ণ অভিনেতাক উৎকোচ দিয়াৰ অভিযোগৰ লগতে ৩৪টা অভিযোগত দোষী সাব্যস্ত কৰিছিল। এই খবৰে সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই সময়চোৱাত ট্ৰাম্পৰ হৈ গোচৰত যুঁজ দিছিল এলিনা হব্বাই।

এলিনা হব্বা কোন

এলিনা হব্বা ইৰাকী মূলৰ এগৰাকী অধিবক্তা। ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰায়েই এইগৰাকী মহিলাক দেখা গৈছিল। তথ্য অনুসৰি জানিব পৰা মতে এলিনা হব্বাৰ বয়স ৪০ বছৰ। বিভিন্ন মাধ্যমত উপলব্ধ তথ্য অনুসৰি এলিনা হব্বা ইৰাকী বংশৰ আৰু ইৰাকৰ সৰ্ববৃহৎ খ্ৰীষ্টান ধৰ্মগোষ্ঠী কলদিয়ান সম্প্ৰদায়ৰ অন্তৰ্গত।  অক্টোবৰৰ শেষৰ ফালে নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত অনুষ্ঠিত হোৱা এক সমাৱেশত বক্তা হিচাপে অংশগ্ৰহণ কৰিছিল। ইয়াৰোপৰি তেওঁ ২০২১ চনৰ পৰা ট্ৰাম্পৰ ছুপাৰ পি এ চি, এম এ জি এ, ইনকৰ্পৰেটেডৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে কাম কৰি আহিছে। এলিনা হব্বাই শেহতীয়াকৈ কলডিয়ান অৱ দ্যা য়েৰ বঁটাৰে সন্মানিত হৈছিল।

প্ৰতিদিনে খাওক ডালিম, ৰক্তহীনতাৰপৰা পাচনতন্ত্ৰৰ সমস্যা হ'ব নিৰাময়!
ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...