ভাৰত ভ্ৰমণৰ ১৮ দিন পাছতেই শত্ৰু ৰাষ্ট্ৰৰ সৈতে বৃহৎ চুক্তি স্বাক্ষৰ ব্ৰিটেইনৰ…

কিছুদিন পূৰ্বে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ভাৰত ভ্ৰমণ কৰিছিল। এই সময়চোৱাত তেওঁ ভাৰতৰ সৈতে কেইবাখনো চুক্তি স্বাক্ষৰ কৰিছিল। কিন্তু এতিয়া ব্ৰিটেইনে ভাৰতৰ শত্ৰুৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে।

ভাৰত ভ্ৰমণৰ ১৮ দিন পাছতেই শত্ৰু ৰাষ্ট্ৰৰ সৈতে বৃহৎ চুক্তি স্বাক্ষৰ ব্ৰিটেইনৰ...

ভাৰত-ব্ৰিটেইন

Published: 

28 Oct 2025 | 09:32 AM

কিছুদিন পূৰ্বে ভাৰত ভ্ৰমণ কৰিছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে। এই সময়চোৱাত ব্ৰিটেইন আৰু ভাৰতৰ মাজত প্ৰায় ৩৮০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ হৈছিল। ৯ অক্টোবৰত স্বাক্ষৰিত হৈছিল এই চুক্তি। ইয়াৰ ১৮ দিন পাছত অৰ্থাৎ ২৭ অক্টোবৰত ষ্টাৰমাৰে ভাৰতৰ একপ্ৰকাৰ শত্ৰু ৰাষ্ট্ৰ তুৰ্কীৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ অধীনত তুৰ্কীয়ে ব্ৰিটেইনৰ পৰা ২০ খন নতুন ইউৰোফাইটাৰ টাইফুন লাভ কৰিব। এই চুক্তিৰ মূল্য প্ৰায় ১০.৭ বিলিয়ন।

এই চুক্তিসমূহে নাটোৰ মিত্ৰ দেশসমূহৰ সম্পৰ্কৰ লগতে তুৰ্কীৰ বায়ু প্ৰতিৰক্ষাক অধিক শক্তিশালী কৰি তুলিব। তুৰস্ক ভ্ৰমণৰ সময়ত ষ্টাৰমাৰে ৰাষ্ট্ৰপতি এৰদোগানৰ সৈতে সাক্ষাৎ কৰি স্বাক্ষৰ কৰা এই চুক্তিসমূহ বৰ্তমান অধিক চৰ্চাত আছে।

একাংশ বিশেষজ্ঞই এই চুক্তি অতি ব্যয়বহুল বুলি উল্লেখ কৰিছে। ইজৰাইলৰ দৰে প্ৰতিদ্বন্দ্বীৰ সৈতে ফেৰ মাৰিবলৈ তুৰ্কীয়ে এই যুঁজাৰু বিমানৰ চুক্তি স্বাক্ষৰ কৰে বুলি কোৱা হৈছে। ইফালে ইউৰোপে নিজৰ পূব প্ৰান্ত শক্তিশালী কৰিবলৈ নাটোৰ দ্বিতীয় বৃহত্তম সামৰিক বাহিনী আৰু সশস্ত্ৰ ড্ৰ’নৰ প্ৰধান ৰপ্তানিকাৰক তুৰ্কীৰ ওচৰলৈ গৈছে। ব্ৰিটেইনে কয় যে, ২০৩০ চনৰ ভিতৰত আংকাৰা (তুৰ্কীৰ ৰাজধানী)ই ২০টা টাইফুনৰ চালানৰ ভিতৰত প্ৰথমটো লাভ কৰিব।

তুৰ্কীৰ সৈতে ভাৰতৰ সম্পৰ্ক বেয়া

উল্লেখ্য যে, ভাৰতৰ সৈতে তুৰ্কীৰ সম্পৰ্ক বিশেষ ভাল বুলি ক’ব নোৱাৰি। অপাৰেশ্যন সেন্দূৰৰ সময়ত তুৰ্কীয়ে পাকিস্তানক বিশেষভাৱে সমৰ্থন কৰিছিল। আনকি খবৰ প্ৰকাশ পাইছিল যে তুৰ্কীয়ে পাকিস্তানক সহায় কৰিবলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিছিল। তেতিয়াৰ পৰা ভাৰতৰ সৈতে তুৰ্কীৰ সম্পৰ্কৰ অৱনতি ঘটিছে। ভাৰতীয় নৌসেনাই তুৰ্কীৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে অনুশীলন চলাই গৈছে। ভাৰতে গ্ৰীচ, চাইপ্ৰাছ আৰু আৰ্মেনিয়াৰ সৈতে সামৰিক সম্পৰ্ক শক্তিশালী কৰাৰ চেষ্টা কৰি আছে।

ব্ৰিটেইনে খেলিছে নেকি খেল?

এই কথা সঁচা যে আন্তঃৰাষ্ট্ৰীয় কূটনীতিত কোনো কাৰো আপোন নহয়। সকলোৱে নিজৰ স্বাৰ্থৰ বাবে কাম কৰে। ব্ৰিটেইনেও একেই কামে কৰি আছে। ভাৰতৰ সৈতে সম্পৰ্কৰ ৰক্ষা কৰাৰ লগতে শত্ৰুৰ সৈতেও চুক্তি স্বাক্ষৰ কৰিছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ অহাৰ পাছত কমেও ১০০ জনীয়া দল এটা আহিছিল। য’ত প্ৰায় ৩৮৮৪ কোটি (৩.৮ বিলিয়ন) টকাৰ চুক্তি স্বাক্ষৰ হৈছিল। ইয়াৰ অধীনত ব্ৰিটেইনে ভাৰতক লঘু মাল্টি ৰোল মিছাইল (এল এম এম) প্ৰদান কৰিব।

 

অন্য খবৰ পঢ়কঃ ইউনুছৰ কু-কাণ্ড! বাংলাদেশৰ অংশ হিচাপে দেখুৱালে অসম আৰু উত্তৰ-পূবক, মানচিত্ৰ উপহাৰ দিলে পাকিস্তানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...