নদী পাৰ কৰাৰ সময়তে নাও দুৰ্ঘটনা, মৃত্যু ২০ জনৰ

এই ঘটনাত  পানীত উটি যোৱাৰ ফলত ২০ জন লোকৰ মৃত্যু হয়। মৃতসকলৰ  ভিতৰত মহিলা আৰু শিশুয়ো আছে। জানিব পৰা মতে নাওখনত ২৫ জন লোক আছিল

নদী পাৰ কৰাৰ সময়তে নাও দুৰ্ঘটনা, মৃত্যু ২০ জনৰ

নাও দুৰ্ঘটনা

Published: 

02 Jun 2024 07:33 AM

শনিবাৰে পুৱা এটা নদী পাৰ হ’বলৈ লওতেই উলটি পৰে এখন নাও। যাৰ ফলত কেইবাজনোলোকৰ মৃত্যু হয়। পূব আফগানিস্তানত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।  এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰায় ২০ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনা সম্পৰ্কে তথ্য দিয়ে তালিবানৰ এজন বিষয়াই। নংগাৰহৰ প্ৰদেশৰ তথ্য আৰু সাংস্কৃতিক বিভাগৰ প্ৰাদেশিক সঞ্চালক কুৰেশ্বি বাডলনে জনোৱা মতে, মহমণ্ড দাৰা জিলাৰ এখন নদী পাৰ হৈ যাওঁতে নাওখন বাগৰি পৰাত নাওখনত থকা আটাইকেইজন লোক ডুব যায়।

এই ঘটনাত  পানীত উটি যোৱাৰ ফলত ২০ জন লোকৰ মৃত্যু হয়। মৃতসকলৰ  ভিতৰত মহিলা আৰু শিশুয়ো আছে। জানিব পৰা মতে নাওখনত ২৫ জন লোক আছিল। গাঁওবাসীৰ মতে এই ঘটনাৰ পৰা মাত্ৰ ৫ জন লোকহে ৰক্ষা পৰে।  কেনেবাকৈ পানীৰ পৰা সাঁতুৰি ওলাই আহি তেওঁলোকে প্ৰাণ ৰক্ষা কৰে।

নংগাৰহৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে,  পুৰুষ, মহিলা, শিশুকে  ধৰি কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ লগতে বাকী মৃতদেহ সমূহ বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে স্থানীয় ৰাইজে সেই স্থানত উপস্থিত হয় আৰু প্ৰশাসনক খবৰ দিয়ে। তালিবানৰ বিষয়াগৰাকীয়ে কয় যে চিকিৎসা দল আৰু এম্বুলেন্সৰ লগতে প্ৰয়োজনীয় সকলো সামগ্ৰী অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ কি সেই কথা  জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

এই ৬ টা অভ্যাসে নষ্ট কৰি পেলাব পাৰে বৃক্ক! জানক...
সূৰ্যৰ স্থান পৰিবৰ্তন! প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ ওপৰত...
বিশ্বকৰ্মা পূজাত দুৰ্লভ সংযোগ, এই ৰাশিয়ে পাব আৰ্থিক লাভ!
পুৱা দেৰিলৈকে শোৱে নেকি? হ’ব পাৰে এনে সমস্যা, সাৱধান নহ’লেই পৰিব বিপদত