নৃশংস! মৰিয়াই মৰিয়াই ৯ বছৰীয়া শিশুক হত্যা কৰিলে পিতৃৰ প্ৰেমিকাই

এই নৃশংস প্ৰহাৰৰ ফলত শিশুটৰ মৃত্যু হয়। আৰক্ষীয়ে কয় যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও শিশুটিৰ ওপৰত বহু অত্যাচাৰ সংঘটিত হৈ আহিছে। মাৰপিট কৰাৰ লগতে অমানৱীয় অত্যাচাৰ চলোৱা হৈছিল শিশুটিক। 

নৃশংস! মৰিয়াই মৰিয়াই ৯ বছৰীয়া শিশুক হত্যা কৰিলে পিতৃৰ প্ৰেমিকাই

অপৰাধ

Published: 

01 Sep 2024 | 04:17 PM

আজিৰ এই আধুনিক যুগত ভয়ংকৰভাৱে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। এনে এক ঘৃণনীয় ঘটনাই পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই নিজ প্ৰেমিকৰ সন্তানত নৃশংসভাৱে হত্যা কৰে। অভিযোগ অনুসৰি মহিলাগৰাকীয়ে প্ৰেমিকৰ ৯ বছৰীয়া কন্যাক  মৰিয়াই মৰিয়াই হত্যা কৰে। ইমানেই নহয়, তেওঁৰ নিজৰ কুকুৰটোৰ দ্বাৰাও শিশুটিক কামোৰাবলৈ দিয়ে।  টাইশ্বেল এলিছ মাৰ্টিন নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।  এই ঘটনা সংঘটিত হৈছে ফ্ল’ৰিডাত।

জানিব পৰা মতে ১৭ জুনত মহিলাগৰাকীয়ে আৰক্ষীক জনাইছিল যে পৰিয়ালৰ লগত পিকনিকত যাবৰ বাবে ৯ বছৰীয়া শিশু জামাৰিয়া চেচনছক জগাবলৈ গৈছিল, কিন্তু সেই সময়ত শিশুটি মৃত অৱস্থাত পৰি আছিল।

এই ঘটনাটো আৰক্ষীয়ে এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছিল। কিয়নো শিশুটিৰ দেহত জ্বলি যোৱা আৰু কামোৰাৰ চিন স্পষ্ট হৈ আছিল। যেতিয়া এই ঘটনাৰ তদন্ত আৰক্ষীয়ে কৰে তেতিয়া পোহৰলৈ আহে যে ৩৪ বছৰীয়া মহিলাগৰাকীয়ে নিজৰ পোহনীয়া কুকুৰটোক উচতাই আছিল যাতে সি শিশুটিক আক্ৰমণ কৰে। তাৰ পাছতেই কুকুৰটোৱে শিশুটিক আক্ৰমণ কৰে আৰু মহিলাগৰাকীয়েও শিশুটিক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

চিচিটিভি ফুটেজত পোহৰলৈ অহা অনুসৰি মহিলাগৰাকীয়ে শিশুটিক ভৰিৰে প্ৰহাৰ কৰি কৰি এখন ভৰি ভাঙি দিছিল। তাৰ পাছত বাৰণ্ডালৈ টানি নি থেতেলিয়াই থেতেলিয়াই বাৰে বাৰে প্ৰহাৰ কৰিছিল। ইয়াৰ লগতে মহিলাগৰাকীয়ে বাৰে বাৰে শিশুটিক হত্যা কৰাৰ কথা কৈ আছিল।

এই নৃশংস প্ৰহাৰৰ ফলত শিশুটৰ মৃত্যু হয়। আৰক্ষীয়ে কয় যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও শিশুটিৰ ওপৰত বহু অত্যাচাৰ সংঘটিত হৈ আহিছে। মাৰপিট কৰাৰ লগতে অমানৱীয় অত্যাচাৰ চলোৱা হৈছিল শিশুটিক।

এই ঘটনাৰ ১ মাহৰো অধিক সময় পাছত আৰক্ষীয়ে মাৰ্টিন নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰু ৩১ আগষ্টত তেওঁৰ প্ৰেমিক লোজুআনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে শিশু নিৰ্যাতন আৰু হত্যা, লগতে প্ৰেমিকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে। আৰক্ষীৰ মতে মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিক আৰু শিশুটিৰ লগত আছিল। মহিলাগৰাকীয়ে শিশুটিক ভাল ব্যৱহাৰ কৰা নাছিল।

মহিলাগৰাকীৰ ১৭ বছৰীয়া কন্যাই আৰক্ষীক কৈছিল যে মাৰ্টিন বহু কঠোৰ আছিল। বিশেষকৈ জামৰিয়াক বহু মাৰপিট কৰিছিল। অন্য ল’ৰা-ছোৱালীৰ বাবে বেলেগ বেলেগ কোঠা আছিল যদিও জামৰিয়াই মাটিত শুব লগা হৈছিল। মাতৃৰ মৃত্যুৰ পাছত জামৰিয়া প্ৰথমে ককাক-আইতাকৰ লগত আছিল যদিও ২০২৩ চনত পিতৃ জেলৰ পৰা ওলাই অহাৰ পাছত পিতৃৰ লগত থাকিব লৈছিল। মাৰ্টিন শিশুটিৰ পিতৃৰ প্ৰেমিকা আছিল। মাৰ্টিনৰো নিজ সন্তান আছিল।  আৰক্ষীৰ মতে মাৰ্টিন আৰু লোজুআনৰ বিৰুদ্ধে নিচাযুক্ত দ্ৰব্য সৰবৰাহ আৰু নিজৰ সন্তানত অমনাৱীয় অত্যাচাৰ কৰাৰ অভিযোগ আগৰ পৰাই আছে। ২০২০ চনত বিভিন্ন গোচৰত লোজুআনক ৫ বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব