জৰ্জিয়াত শোৱনি কোঠাৰ পৰা উদ্ধাৰ ১১ ভাৰতীয় নাগৰিকৰ মৃতদেহ…

জৰ্জিয়াৰ গুডাউৰীৰ এখন ৰেষ্টুৰেণ্টৰ পৰা উদ্ধাৰ কৰা হৈছে ১১ জনকৈ ভাৰতীয় নাগৰিকৰ মৃতদেহ । সংবাদ মাধ্যমৰ বাতৰি আৰু স্থানীয় আৰক্ষীৰ মতে, কাৰ্বন মনোক্সাইডৰ লিকেজৰ বাবেই এই আটাইকেইজন লোকৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হৈছে ।

জৰ্জিয়াত শোৱনি কোঠাৰ পৰা উদ্ধাৰ ১১ ভাৰতীয় নাগৰিকৰ মৃতদেহ...

প্ৰতিনিধিত্বমূলক ফটো

Updated On: 

16 Dec 2024 | 10:42 PM

জৰ্জিয়াৰ গুডাউৰীৰ এখন ৰেষ্টুৰেণ্টত ১১ জনকৈ ভাৰতীয় নাগৰিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰা হৈছে । ভাৰতীয় উচ্চায়ুক্তই কয় যে, কাৰ্বন মনোক্সাইড বিয়পি পৰাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। জৰ্জিয়াৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰাথমিক তদন্তৰ অন্তত নিশ্চিত কৰিছে যে, কোনো লোকৰ দেহত আঘাতৰ চিন নাই আৰু সংঘাতৰ লক্ষণ দেখা নাই।

সংবাদ মাধ্যমৰ বাতৰি আৰু স্থানীয় আৰক্ষীৰ মতে, কাৰ্বন মনোক্সাইডৰ লিকেজৰ বাবেই এই আটাইকেইজন লোকৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হৈছে । প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে, ৰেষ্টুৰেণ্টখনৰ দ্বিতীয় মহলাত অৱস্থিত শোৱা কোঠাৰ ওচৰতে জেনেৰেটৰ ৰখা হৈছিল, যিটো বিদ্যুৎ কৰ্তনৰ পিছত চুইচ অন কৰা হৈছিল। জেনেৰেটৰ চলোৱাৰ ফলত উৎপন্ন হোৱা কাৰ্বন মনোক্সাইড বন্ধ কোঠাটোত জমা হৈছিল । যাৰ ফলত কোঠাটোত শুই থকা সকলো লোকৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয় বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে ভাৰতীয় উচ্চায়ুক্তই নিহত সকলোকে ভাৰতীয় নাগৰিক বুলি অভিহিত কৰাৰ বিপৰীতে জৰ্জিয়াৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে, মৃতসকলৰ ভিতৰত ১১ জন বিদেশী আৰু এজন স্থানীয় নাগৰিক আছে। মন্ত্ৰালয়ে লগতে কয় যে, নিহত আটাইকেইজন ৰেষ্টুৰেণ্টখনৰ কৰ্মচাৰী আৰু তেওঁলোকৰ মৃতদেহ শোৱা কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে।

এই কাণ্ড সন্দৰ্ভত জৰ্জিয়া আৰক্ষীয়ে ফৌজদাৰী আইনৰ ১১৬ নং ধাৰাত গাফিলতিৰ ফলত হত্যাৰ গোচৰ ৰুজু কৰিছে। ফৰেনছিক বিশেষজ্ঞৰ এটা দলে তদন্ত অব্যাহত ৰাখিছে । বৰ্তমানেও মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই । ইফালে ভাৰতীয় উচ্চায়ুক্তই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

টিবিলিছিত থকা ভাৰতীয় দূতাবাসে এক বিবৃতিত কয় যে, গুডাউৰীত ১২ জন ভাৰতীয় নাগৰিকৰ মৃত্যুৰ তথ্য লাভ কৰিছে। দূতাবাসে স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি মৃতদেহ শীঘ্ৰে ভাৰতলৈ ঘূৰাই অনাৰ সুবিধা কৰিবলৈ প্ৰচেষ্টা চলাইছে । শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতেও সংস্পৰ্শত আছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...