স্বামীৰ হৈ আইনী যুঁজৰ সহায় বিচাৰি অসম উকীল সন্থাৰ কাষ চাপিল অনিতা ডেকা মহন্ত…
অসম উকিল সন্থাৰ কাষ চাপিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত। উল্লেখ্যে যে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল উকিল সন্থাই। যাৰ বাবে এতিয়া পত্নী কাষ চাপিছে উকিল সন্থাৰ।
স্বামী শ্যামকানু মহন্তৰ হৈ আইনী যুঁজৰ সহায় বিচাৰি অসম উকীল সন্থাৰ কাষ চাপিছে অনিতা ডেকা মহন্ত। কিন্তু এতিয়ালৈকে কোনোৱে সহায় কৰিব বিচৰা নাই। উল্লেখ্য যে, উকিল সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছিল জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ। যাৰ বাবে এতিয়া বিপদত পৰিছে শ্যামকানুৰ পত্নী। অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান কৰিছে অনিতা ডেকা মহন্তই।
উল্লেখ্য যে, আজি ১২ ডিচেম্বৰত এছ আই টিয়ে দাখিল কৰে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট। এই চাৰ্জশ্বীটত শ্যামকানু মহন্ত, শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু অমৃতপ্ৰভা মহন্তক হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছে। চাৰ্জশ্বীটৰ সবিশেষ তথ্য এতিয়াও পোহৰলৈ অহা নাই।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
Latest Videos
