শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গক সুঁৱৰি চেপনৰ মঞ্চত কান্দি উঠিল তোলনীয়া  কন্যা কাজলী...

জুবিন গাৰ্গক সুঁৱৰি চেপনৰ মঞ্চত কান্দি উঠিল তোলনীয়া কন্যা কাজলী…

barasha-misra
Barasha Misra | Published: 22 Nov 2025 15:57 PM

জুবিন গাৰ্গক সুঁৱৰি আয়োজিত 'এতিয়াও সাৰে আছোঁ মই' শীৰ্ষক অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মঞ্চত জুবিন গাৰ্গৰ তোলনীয়া কন্যা কাজলী। সকলোৰে সন্মুখত চিনাকি কৰাই দিলে ৰাহুল গৌতমে। জুবিন গাৰ্গৰ কথা সোঁৱৰি আৱেগিক হৈ পৰে কাজলী।

জুবিন গাৰ্গ ফেন ক্লাব আৰু উজনি অসম শিল্পী সমাজৰ যৌথ উদ্যোগত চেপন মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত হয় অনুষ্ঠান। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী – কবি- সাহিত্যিক – তৰুণ প্ৰজন্মৰ লেখক আৰু জাতীয় সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে। অনুষ্ঠানত পোন্ধৰ গৰাকী কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি প্ৰিয় শিল্পী জনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই ব্যতিক্ৰমী অনুষ্ঠানত জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন আৰু যুগ যোগান্তৰ বৰাই জুবিন গাৰ্গৰ সান্নিধ্যৰ বিষয়ে ৰোমণ্ঠন কৰে। অনুষ্ঠানত তৰুণ প্ৰজন্মৰ দুই প্ৰতিনিধি ৰাহুল গৌতম শৰ্মা আৰু ত্ৰিদীপ ভাগৱতীয়ে জুবিন গাৰ্গৰ সান্নিধ্য অনুভৱ ব্যক্ত কৰাৰ লগতে জুবিন গাৰ্গৰ গীতৰ ব্যাপকতা বিষয়ে অৱলোকন কৰে।

জুবিন গাৰ্গক সুঁৱৰি আয়োজিত ‘এতিয়াও সাৰে আছোঁ মই’ শীৰ্ষক অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মঞ্চত জুবিন গাৰ্গৰ তোলনীয়া কন্যা কাজলী। সকলোৰে সন্মুখত চিনাকি কৰাই দিলে ৰাহুল গৌতমে। জুবিন গাৰ্গৰ কথা সোঁৱৰি আৱেগিক হৈ পৰে কাজলী।

কাজলীক এদিন ৰাতি ষ্টুডি’অ ৰ পৰা ঘৰলৈ উভতি আহোঁতে ৰাস্তাত কাজলীক লক্ষ্য কৰিছিল। সেই সময়ত কাজলীয়ে মানুহৰ ঘৰত সহায়িকা হিচাপে কাম কৰি আছিল আৰু সেই পৰিয়ালটোৰ পৰা অহৰহ নিৰ্যাতনৰ সন্মুখীন হৈছিল। কাজলীক কেৱল উদ্ধাৰ কৰাই নহয়, আইনী যুঁজো দিয়ে আৰু সেই যুঁজত জয়ী হৈ কাজলীক নিজৰ কন্যা হিচাপে গ্রহণ কৰি লয় জুবিন গাৰ্গে। কাজলীৰ পঢ়া-শুনাৰ লগতে প্ৰতিটো প্ৰয়োজনৰ দায়িত্ব লৈছিল। গৰিমাই এই ক্ষেত্ৰত জুবিনক প্রতিটো খোজতে সহায় কৰিছিল।