শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কাহিলীপাৰাৰ বাসগৃহত কেক কাটি জুবিনৰ জন্মদিন উদযাপন

কাহিলীপাৰাৰ বাসগৃহত কেক কাটি জুবিনৰ জন্মদিন উদযাপন

trishna-kalita
Trishna Kalita | Published: 18 Nov 2025 14:09 PM

কাহিলিপাৰাৰ বাসভৱনৰ সন্মুখত জুবিন গাৰ্গৰ জন্মদিন উদযাপন অজস্ৰ অনুৰাগীৰ। অসুস্থ দেহাৰেই অনুৰাগীক দেখা দিবলৈ ওলাই আহিল গৰিমা গাৰ্গ। প্ৰিয় মানুহজন নোহোৱাৰ বেদনা বুকুত লৈ জন্মদিনত উচুপি উঠিছে গৰিমা শইকীয়া গাৰ্গ। ইফালে আজি আয়তীয়ে পৰিৱেশন কৰিছে দিহানাম।

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ তম জন্মদিন। কাহিলিপাৰাৰ ঘৰত নিশা ১২ বজাৰ লগে লগে কেক কাটি জন্মদিন উদযাপন পিতৃ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গৰ। কাহিলিপাৰাৰ বাসভৱনৰ সন্মুখত জুবিন গাৰ্গৰ জন্মদিন উদযাপন অজস্ৰ অনুৰাগীৰ। অসুস্থ দেহাৰেই অনুৰাগীক দেখা দিবলৈ ওলাই আহিল গৰিমা গাৰ্গ। প্ৰিয় মানুহজন নোহোৱাৰ বেদনা বুকুত লৈ জন্মদিনত উচুপি উঠিছে গৰিমা শইকীয়া গাৰ্গ। ইফালে আজি আয়তীয়ে পৰিৱেশন কৰিছে দিহানাম।

ওপজা দিনত জুবিন গাৰ্গৰ বাসগৃহত স্থাপন হ’ল আৱক্ষ মূৰ্তি। সহস্ৰাধিক অনুৰাগীৰ উপস্থিতিত অশ্ৰুসিক্ত নয়নেৰে স্থাপন হ’ল প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি। আৱেগবিহ্বল পৰিৱেশৰ মাজতে পিতৃ কপিল ঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে উন্মোচন কৰিলে মূৰ্তিটো। সোণাপুৰৰ জুবিনক্ষেত্ৰত ভিৰ অনুৰাগীৰ। বন্তি জ্বলাই, কেক কাটি উদযাপন কৰিলে প্ৰাণৰ শিল্পীৰ জন্মদিন।