জুবিন গাৰ্গৰ লগত বহুত কথা হৈছিল কিন্তু অসমীয়া গান গাম বুলি ক’বলৈ সাহস নহলঃ কুনাল গাঞ্জাৱালা
তেওঁ লগতে কয়, জুবিন গাৰ্গৰ এটা অসমীয়া গান গাবলৈ পালে মই ধন্য হলো হেঁতেন। নৰ্থ ইষ্টৰ প্ৰতিতো ভাষাৰ গান জুবিন গাৰ্গে গাইছিল সেইকাৰণে বলিউড জগত খনত বৃহৎ ক্ষতি হৈছে। অতি সোনকালে জুবিন গাৰ্গৰ মৃত্যুৰ সত্যতা পোহৰলৈ আহিব লাগে আৰু সোনকালে জুবিনৰ আত্মাক ন্যায় দিব লাগে। ইয়াৰোপৰি মঞ্চৰ পৰাই দৰ্শকক ৰাইজক কুনাল গাঞ্জাৱালাই কয়, মোৰ জুবিন গাৰ্গৰ লগত ৩০ বছৰ ধৰি সম্পৰ্ক।
অসমলৈ আহিছে কুনাল গাঞ্জাৱালা। বজালী পাঠশালা সোণালী জয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠানত সংগীত পৰিবেশন কৰিবলৈ আহিছে তেওঁ। সংবাদ মাধ্যমৰ সন্মুখত জুবিনক লৈ বিভিন্ন মন্তব্য কৰে। তেওঁ কয়, জুবিন গাৰ্গৰ মৃত্যুত বলিউড জগতত বৃহৎ ক্ষতি। মোৰ জুবিন গাৰ্গৰ অসমীয়া গান গাব মন কিন্তু সেই কথা মই জুবিন গাৰ্গক ক’ব নোৱাৰিলোঁ। জুবিন গাৰ্গৰ লগত বহুত কথা হৈ আছিল কিন্তু অসমীয়া গান গাম বুলি ক’বলৈ সাহস নহ’ল।