শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ভয়ংকৰ অভিযোগ, পত্নীসহ পৰিচালকক গ্ৰেপ্তাৰ আৰক্ষীৰ

ভয়ংকৰ অভিযোগ, পত্নীসহ পৰিচালকক গ্ৰেপ্তাৰ আৰক্ষীৰ

Trishna Kalita
Trishna Kalita | Edited By: Manas Borah | Updated On: 08 Dec 2025 23:16 PM

এফ আই আৰৰ পিছত বিক্ৰম ভাটে কৈছিল যে, প্ৰৱঞ্চনাৰ অভিযোগ এটা প্ৰস্তাৱিত বায়’পিক প্ৰজেক্টৰ ওপৰত আধাৰিত। সকলো অভিযোগ মিছা আৰু ভিত্তিহীন। ভুৱা নথি-পত্ৰ দেখুৱাই আৰক্ষীক বিপথে পৰিচালিত কৰা বুলিও দাবী কৰিছিল তেওঁ।

জনপ্ৰিয় পৰিচালক বিক্ৰম ভাটক গ্ৰেপ্তাৰ। ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিক্ৰম ভাট আৰু তেওঁৰ পত্নী শ্বেতাম্বৰী ভাটক। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক জিম্মাত লৈ চিকিৎসা পৰীক্ষা সম্পন্ন কৰিছে। তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ডত উদয়পুৰলৈ লৈ যোৱা হ’ব।

ৰাজস্থান আৰক্ষীয়ে দেওবাৰে ৩০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত বিক্ৰম ভাট আৰু তেওঁৰ পত্নী শ্বেতাম্বৰী ভাটক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি বিক্ৰম ভাট আৰু তেওঁৰ পত্নীয়ে উদয়পুৰৰ ইন্দিৰা গ্ৰুপ অৱ কোম্পানীৰ স্বত্বাধিকাৰী ডাঃ অজয় ​​মুৰ্দিয়াক প্ৰতাৰণা কৰিছে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে এই গোচৰৰ ছয় অভিযুক্তলৈ জাননী প্ৰেৰণ কৰিছিল। ৮ ডিচেম্বৰৰ পূৰ্বে হাজিৰ হ’বলৈ কোৱাৰ পিছতে বিক্ৰম ভাট আৰু তেওঁৰ পত্নীক হাজিৰ নোহোৱাৰ বাবে দুয়োকো গ্ৰেপ্তাৰ কৰা হয়।l এফআইআৰ দাখিল কৰিছে ইন্দিৰা আইভিএফৰ প্ৰতিষ্ঠাপক ডাঃ অজয় ​​মুৰ্ডিয়াই।