ঔষধৰ ওপৰত ১০০ শতাংশ শুল্ক ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ, চাপত ভাৰতীয় ঔষধ কোম্পানী
নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লিখিছে, “ ১ অক্টোবৰৰ পৰা আমি যিকোনো ব্ৰেণ্ডেড বা Pharmaceutical Productsৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিম যদিহে তেওঁলোকে আমেৰিকাত ঔষধটো নিৰ্মাণ কৰিবলৈ উদ্যোগ নিৰ্মাণ নকৰে। নিৰ্মাণ আৰম্ভ হ’ব, সেয়াই চুক্তি। কোনো ৰেহাই নাথাকিব। ”
আকৌ শুল্কৰ ৰাজনীতি! ব্ৰেণ্ডেড আৰু Pharmaceutical Product ৰ আমদানিৰ ওপৰত ১০০ শতাংশ শুল্ক ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই শুল্ক ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ট্ৰাম্পৰ এই সিদ্ধান্তই ভাৰতত বৃহৎ প্ৰভাৱ পেলাব পাৰে, কিয়নো ভাৰতে আমেৰিকালৈ বৃহৎ পৰিমাণৰ ঔষধ ৰপ্তানি কৰে।
নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লিখিছে, “ ১ অক্টোবৰৰ পৰা আমি যিকোনো ব্ৰেণ্ডেড বা Pharmaceutical Productsৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিম যদিহে তেওঁলোকে আমেৰিকাত ঔষধটো নিৰ্মাণ কৰিবলৈ উদ্যোগ নিৰ্মাণ নকৰে। নিৰ্মাণ আৰম্ভ হ’ব, সেয়াই চুক্তি। কোনো ৰেহাই নাথাকিব। ”
ট্ৰাম্পে কয় যে তেওঁ কেৱল ঔষধ সামগ্ৰীৰ ওপৰত নহয়, পাকঘৰৰ আৰু বাথৰুমৰ বিভিন্ন সামগ্ৰীৰ ওপৰতো ৫০ শতাংশ শুল্ক আৰোপ কৰিব। আচবাবৰ ওপৰত ৩০ শতাংশ শুল্ক আৰু গধুৰ ট্ৰাকৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব।