Ambubachi Mela 2025: অম্বুবাচীৰ পৰা ভাৰত-ইংলেণ্ড টেষ্ট মেচলৈ দিনটোৰ শীৰ্ষ খবৰ

Jun 23, 2025 | 11:59 PM

উদুলি মুদুলি শক্তিপীঠ কামাখ্যা ধাম। অম্বুবাচী উপলক্ষে দেশ-বিদেশৰ অগণন ভক্তই ভিৰ কৰিছে নীলাচল পাহাৰত। দেখা গৈছে সাধু-সন্যাসীৰো ভিৰ। অম্বুবাচীৰ আজি দ্বিতীয় দিন, ২৬ জুনৰ পুৱা মুকলি হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ। ইয়াৰ লগতে চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ...

উদুলি মুদুলি শক্তিপীঠ কামাখ্যা ধাম। অম্বুবাচী উপলক্ষে দেশ-বিদেশৰ অগণন ভক্তই ভিৰ কৰিছে নীলাচল পাহাৰত। দেখা গৈছে সাধু-সন্যাসীৰো ভিৰ। অম্বুবাচীৰ আজি দ্বিতীয় দিন, ২৬ জুনৰ পুৱা মুকলি হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ। ইফালে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী তথা অসমৰ ভিন্ন প্ৰান্তৰ ভক্তক সন্ধিয়াৰ পাছত কামাখ্যা মন্দিৰলৈ নাযাবলৈ আহ্বান জনাইছে।

তৰুণ গগৈ চৰকাৰৰ দিনত বড়ো ভূমিৰ মানুহৰ হাতত আছিল বিটিআৰৰ ৰিমট কণ্ট্ৰল। কিন্তু বিজেপি অহাৰ লগে লগে বলিৰ পঠা সজালে ইউপিপিএলক। আজি কোকৰাঝাৰত উপস্থিত হৈ এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। উল্লেখ্য যে সভাপতি হোৱাৰ পিছত অসমৰ বিভিন্ন স্থান ভ্ৰমণ কৰি ৰাইজক সাক্ষাত কৰিছে গৌৰৱ গগৈয়ে।

এজাক বৰষুণতে কৃত্ৰিম বানত বুৰিল ঐতিহাসিক ৰংঘৰৰ বাকৰি। ইয়াৰ পূৰ্বেও ৰংঘৰৰ চৌহদত দেখা গৈছিল এনে পৰিৱেশ। নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰৰ চহৰৰ মাজ মজিয়াত আজি ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। দৌলমুখ চাৰিআলিকে ধৰি চহৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত চহৰখনত ব্যৱসায়-বাণিজ্যকে ধৰি দৈনন্দিন জনজীৱন প্ৰায় স্তব্ধ হৈ পৰে।

ইয়াৰ লগতে চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ