শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Maha Shivratri 2025: আজি মহাশিৱৰাত্ৰি, প্ৰতিটো শিৱ মন্দিৰত ভক্তৰ ভিৰ

Maha Shivratri 2025: আজি মহাশিৱৰাত্ৰি, প্ৰতিটো শিৱ মন্দিৰত ভক্তৰ ভিৰ

Barasha Misra
Barasha Misra | Published: 26 Feb 2025 21:26 PM

আজি মহাশিৱৰাত্ৰি উপলক্ষে মহাদেৱৰ শ্ৰীচৰণত আশিষ ল'বলৈ পুৱাৰে পৰা ভক্তৰ ভিৰ । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হৈছে পূজা । বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে চলিছে মহাশিৱৰাত্ৰিৰ মহা আয়োজন ।

আজি মহাশিৱৰাত্ৰি। দেৱাদিদেৱ মহাদেৱৰ আৰাধনা চৌদিশে। মনোবাঞ্চা পূৰণাৰ্থে ভোলানাথক সেৱা ভক্তৰ। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী দিনা মহাশিৱৰাত্ৰি উদযাপন কৰা হয় । ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌলত মহাদেৱৰ শ্ৰীচৰণত আশিষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ ভিৰ । পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হৈছে পূজা । হাতে হাতে মহাদেৱৰ পূজাৰ সামগ্ৰী লৈ শাৰী পাতিছে ভক্তই।

শিৱসাগৰৰ শিৱদৌলৰ আছে বহু মাহাত্ম্য। মহাশিৱৰাত্ৰিৰ সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকলে আহি পূজা আগবঢ়ায়। এই মন্দিৰটো শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰী ভগ্নী দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ কলচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল।