Assam News: ৰাজ্যিক কেবিনেটৰ পৰা IPL ৰ খবৰলৈ, চাওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

May 06, 2025 | 10:34 PM

ৰাজ্যিক কেবিনেত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল । ইয়াৰ ফলত যাতে কোনো লোকচান নহয় তাৰ বাবে APDCL ক ৫০০ কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ । লগতে অক্টোবৰৰ পৰা ৰাজ্যবাসীয়ে সুলভ মূল্যত লাভ কৰি দাইল, চেনী, নিমখ ।

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

A) ৰাজ্যিক কেবিনেত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল । ইয়াৰ ফলত যাতে কোনো লোকচান নহয় তাৰ বাবে APDCL ক ৫০০ কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ । লগতে অক্টোবৰৰ পৰা ৰাজ্যবাসীয়ে সুলভ মূল্যত লাভ কৰি দাইল, চেনী, নিমখ ।

B) দেশৰ লগতে অসমতো কাইলৈ যুদ্ধৰ আখৰা। অসমৰ ২০টা স্থানত হ’ব যুদ্ধৰ আখৰা। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাক লৈ চাঞ্চল্য অব্যাহত থকাৰ মাজতে গৃহ মন্ত্ৰালয়ৰ সিদ্ধান্ত। এই অনুশীলনৰ উদ্দেশ্য হৈছে নাগৰিকসকলক জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়া। ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া এই মক ড্ৰিল তিনিটা শাখাত দেশৰ মুঠ ২৪৪ খন জিলাত অনুষ্ঠিক হ’ব। শেষবাৰৰ বাবে এনে মক ড্ৰিল আয়োজন কৰা হৈছিল ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ পূৰ্বে।

C) ভাৰত-পাক যুদ্ধৰ তাৰিখ চূড়ান্ত! দুয়োখন দেশে দিলে ডাঙৰ সংকেত। যিকোনো সময়তে পাকিস্তানক আক্ৰমণ কৰিব পাৰে ভাৰতে । পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতে কয়, “ভাৰতে সম্ভৱতঃ ৰাছিয়াৰ বিজয় দিৱস উদযাপনৰ পিছত ১০-১১ মে’ত পাকিস্তানক আক্ৰমণ কৰিব।”

D) ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন। এইবাৰ ৰাজ্যত বিলাতী সুৰা উদ্য়োগ স্থাপনৰ প্ৰস্তাৱত অনুমোদনত জনাইছে ৰাজ্যিক কেবিনেটে । টিহুত স্থাপন কৰা হ’ব এই উদ্যোগ।

E) কাইলৈ অসমৰ ১৩ খন জিলাত বন্ধ ঘোষণা প্ৰশাসনৰ। এই সময়চোৱাত বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয় প্ৰতিষ্ঠান আদিকে ধৰি সকলো। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। কাইলে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ।

F) ভাৰত-পাক যুদ্ধৰ চৰ্চাৰ মাজতে অৰ্ধসামৰিক বাহিনীৰ বাবে সুখবৰ। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীয়ে লাভ কৰিব ১৬টা নতুন বেটেলিয়ন। ইয়াৰ লগে লগে প্ৰায় ১৭ হাজাৰ জোৱানৰ সংখ্যা বৃদ্ধি পাব। পাকিস্তান আৰু বাংলাদেশ সীমান্তত স্থাপন হ’ব ২টাকৈ মুখ্য কাৰ্যালয়।

G) আৰম্ভ হৈছে’মেট গালা ২০২৫’। এইবাৰ নিউয়ৰ্ক চহৰৰ মেট্ৰ’পলিটান মিউজিয়াম অফ আৰ্টত অনুষ্ঠিত। ভাৰতৰ প্ৰথমজন অভিনেতা হিচাপে মেট গালাত উপস্থিত শ্বাহৰুখ খান। লগতে গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰা,কিয়াৰা আদৱানী, দিলজিৎ দোসাঞ্জেও উপস্থিত থাকে।

H) অসম বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী। আজি ২৪ গৰাকী লোকে যোগদান কৰে বিজেপিত। বিজেপিত যোগদান আপৰ মাচুমা বেগম। এতিয়া বিৰোধী শূন্য হ’ল গুৱাহাটী পৌৰ নিগম।

I) আজি আইপিলত মুম্বাই ইণ্ডিয়ানচ বনাম গুজৰাট টাইটানচৰ যুঁজ। সন্ধিয়া ৭ঃ৩০ বজাৰ পৰা আৰম্ভ এই মেচ। আজি ৱানখেড় ষ্টেডিয়ামত অনুষ্ঠিত এই হাইভল্টেজ মেচ। ৫ বাৰৰ চেম্পিয়ন মুম্বাই তৃতীয় স্থানত থকাৰ বিপৰীতে পইণ্ট তালিকাত চতুৰ্থ স্থানত আছে গুজৰাট।