শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
'লুইতপৰীয়া ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু মৰমৰ যাঁচিলোঁ' - অসমীয়াতে ৰাজ্যবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

‘লুইতপৰীয়া ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু মৰমৰ যাঁচিলোঁ’ – অসমীয়াতে ৰাজ্যবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

trishna-kalita
Trishna Kalita | Published: 20 Dec 2025 17:08 PM

তেওঁ কয়, 'এয়া উত্তৰ-পূবৰ বিকাশৰ উৎসৱ। আমি ২০৪৭ৰ ভাৰতৰ বাবে কাম কৰি আছোঁ। বিকশিত ভাৰতত প্ৰতিখন ৰাজ্যৰ সমান অৱদান থাকিব লাগিব। অসম আৰু উত্তৰ পূবে আমাৰ এই লক্ষ্যৰ নেতৃত্ব দিছে। ভাৰতৰ বিকাশৰ নতুন প্ৰৱেশদ্বাৰ অসম।'

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল । ইন্টিগ্ৰেটেড টাৰ্মিনেল ২ বিল্ডিংটো বছৰি ১ কোটি ৩১ লাখ যাত্ৰীক চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে। বিমান বন্দৰত উপস্থিত হৈ প্ৰথমে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে।

তাৰ পিছতে বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৪ হাজাৰ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে এই নতুন টাৰ্মিনেলটো। টাৰ্মিনেলৰ বাহিৰত এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ। অসমীয়াতে ৰাজ্যবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীয়ে কয়, ‘লুইতপৰীয়া ৰাইজলৈ মোৰ শ্ৰদ্ধা আৰু মৰমৰ যাঁচিলোঁ’।

তেওঁ কয়, ‘এয়া উত্তৰ-পূবৰ বিকাশৰ উৎসৱ। আমি ২০৪৭ৰ ভাৰতৰ বাবে কাম কৰি আছোঁ। বিকশিত ভাৰতত প্ৰতিখন ৰাজ্যৰ সমান অৱদান থাকিব লাগিব। অসম আৰু উত্তৰ পূবে আমাৰ এই লক্ষ্যৰ নেতৃত্ব দিছে। ভাৰতৰ বিকাশৰ নতুন প্ৰৱেশদ্বাৰ অসম। ব্রহ্মপুত্ৰত নির্মিত দলংসমূহে যাতায়াত যোগাযোগ শক্তিশালী কৰিছে। মোৰ এটা কাৰ্যকালতে ব্রহ্মপুত্ৰত ৪ খন দলং সম্পূর্ণ হৈছে’ ‘ৰে’লৱে’ৰ ক্ষেত্ৰতো ক্রান্তিকাৰী পৰিবৰ্তন আহিছে।’ সবিশেষ ভিডিঅ’ত চাওক…