গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল সাজু , আজি মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ নতুন টার্মিনেলৰ মুকলিৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বিমানবন্দৰৰ এক সুন্দৰ ভিডিঅ'। ইফালে এই ভ্ৰমণসূচীত কেইবাটাও প্ৰকল্পৰ মুকলিৰ লগতে আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। নামৰূপ সাৰ কাৰাখানৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নতুন ৰূপত সজাই তোলা হৈছে গুৱাহাটী মহানগৰী। প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম বিজেপি। ইফালে অসমৰ কৃষ্টি-সংস্কৃতিৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু শিল্পীসকল। দুদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত নিৰ্মিত নতুন টাৰ্মিনেল মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে।
লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ নতুন টার্মিনেলৰ মুকলিৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বিমানবন্দৰৰ এক সুন্দৰ ভিডিঅ’। ইফালে এই ভ্ৰমণসূচীত কেইবাটাও প্ৰকল্পৰ মুকলিৰ লগতে আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। নামৰূপ সাৰ কাৰাখানৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
