‘মই উত্তৰ-পূব আৰু অসমলৈ আহিলেই আপোন মানুহৰ মাজত থকা যেন লাগে’ -নৰেন্দ্ৰ মোদী
মোদীয়ে কয়, “কংগ্ৰেছে ৭ দশক ধৰি অসমত যিবোৰ ভুল কৰিছে, মোদীয়ে সেই ভুল এটা এটাকৈ শুধৰাই আছে। মোদীয়ে কয় কংগ্ৰেছে অসম যাওক বা নাযাওক মই অসমলৈ আহিলে নিজৰ মানুহৰ মাজত থকা যেন অনুভৱ হয়। মোদীৰ বাবে অসমৰ বিকাশ প্ৰয়োজন আৰু দায়িত্ব দুয়োটাই।”
আজি অসমত উপস্থিত হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উদ্বোধনী অনুষ্ঠানৰ পাছত এখন জন সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, “ আজি অসমৰ বিকাশৰ নতুন অধ্যায় আৰম্ভ হৈছে।” ভাৰতৰত্ন ভূপেন হাজৰিকাৰ এটি গীতৰ কলি আওৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “লুইতৰ পাৰ জিলিকাই তুলিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ, আমি সংকল্পবদ্ধ। অসমত ব্ৰহ্মপুত্ৰ নদী যেনেকৈ অবিৰতভাৱে বৈ আছে, ঠিক তেনেদৰে ইয়াত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ উন্নয়নৰ ধাৰা নিৰৱচ্ছিন্নভাৱে বৈ আছে।”