শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
উৰুকাৰ নিশাই গৃহস্থ নথকা সুযোগত নাজিৰাত চোৰৰ চাফাই অভিযান...

উৰুকাৰ নিশাই গৃহস্থ নথকা সুযোগত নাজিৰাত চোৰৰ চাফাই অভিযান…

Digjyoti Lahkar
Digjyoti Lahkar | Edited By: Barasha Sarma | Updated On: 16 Jan 2026 17:23 PM

Nazira: সমগ্ৰ অসমে পালন কৰিছে হেঁপাহৰ মাঘ বিহু। উৰুকাৰ নিশা সকলোৰে প্ৰীতি ভোজ খোৱাৰ পাছত আজি মেজিত অগ্নিসংযোগ কৰে। পিছে ইয়াৰ মাজতে নাজিৰাত চলে চোৰৰ চাফাই অভিযান।

উৰুকাৰ দিনাই নাজিৰাত চোৰৰ চাফাই অভিযান। গৃহস্থ নথকা ঘৰত চোৰৰ লুটপাত। নাজিৰাৰ মাউৎ গাঁৱত উৰুকাৰ নিশা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মাউৎ গাঁৱৰ নিবাসী জিতেন বৰগোঁহাইৰ গৃহত এই ঘটনা সংঘটিত হয়। ঘৰত কোনো নথকাৰ সুযোগ বুজি নিশা চোৰে চলালে চফাই অভিযান। পুৱা পৰিয়ালৰ লোক আহি ঘটনাটো দেখি স্থানীয় লোকক খবৰ দিয়ে।

স্থানীয় গাওঁৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়াৰ পিছতেই আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত। বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমাণৰ বিষয়ে জানিব পৰা হোৱা নাই। বৰ্তমান নাজিৰাৰ আৰক্ষীৰ তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…