বিদেশ ভ্ৰমণৰ সময়ত কিয় শৌচাগাৰ ব্যৱহাৰ নকৰে ভ্লাডিমিৰ পুটিনে? জানক আঁৰৰ কাৰণ

| Edited By: Monjit Dutta

Dec 04, 2025 | 9:39 PM

আপুনি জানি আচৰিত হ’ব যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যেতিয়া আন এখন দেশ ভ্ৰমণ কৰে তেতিয়া তেওঁ তাত হোটেলৰ শৌচাগাৰ ব্যৱহাৰ নকৰে। তেওঁ তাত শৌচ বা প্ৰস্ৰাৱ নকৰে। তেন্তে শৌচ-প্ৰস্ৰাৱ নকৰাকৈ তেওঁ তাত কেনেকৈ থাকে?

দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ভাৰত ভ্ৰমণৰ সময়ত তেওঁৰ একাধিক কাৰ্যসূচী আছে। আপুনি জানি আচৰিত হ’ব যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যেতিয়া আন এখন দেশ ভ্ৰমণ কৰে তেতিয়া তেওঁ তাত হোটেলৰ শৌচাগাৰ ব্যৱহাৰ নকৰে। তেওঁ তাত শৌচ বা প্ৰস্ৰাৱ নকৰে। তেন্তে শৌচ-প্ৰস্ৰাৱ নকৰাকৈ তেওঁ তাত কেনেকৈ থাকে? আচলতে পুটিনৰ দেহৰক্ষীসকলে কঢ়িয়াই লৈ ফুৰে বিশেষ ছুটকেছ। প্ৰয়োজন সাপেক্ষে পুটিনে এই ছুটকেছতেই শৌচ-প্ৰস্ৰাৱ কৰে।

বহিঃৰাষ্ট্ৰত শৌচাগাৰলৈ কিয় নাযায় পুটিন? কাৰণ তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে কাকো একো জানিবলৈ নিদিয়ে। ধাৰণা কৰা হয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীক হত্যা কৰিবলৈ বহুতেই চেষ্টা কৰি আছে। ইফালে তেওঁৰ স্বাস্থ্যক লৈ যথেষ্ট জল্পনা-কল্পনাও সৃষ্টি হৈছে। কেতিয়াবা, পুটিনৰ হাতখন লৰি থকা দেখা যায়। আন কেতিয়াবা আকৌ পুটিন মাৰাত্মক ৰোগত আক্ৰান্ত বুলি খবৰ ওলায়। কিন্তু মস্কোৱে কেতিয়াও পুটিনৰ স্বাস্থ্যৰ বিষয়ে মুখ খোলা নাই। এনে পৰিস্থিতিত যদি পুটিনৰ মল বা প্ৰস্ৰাৱ শত্ৰুৰ হাতত পৰে তেন্তে তেওঁলোকে পৰীক্ষা কৰি পুটিনৰ স্বাস্থ্যৰ বিষয়ে জানিব পাৰে। এই ভয়ৰ বাবেই পুটিনৰ দেহৰক্ষীয়ে তেওঁৰ বাবে সদায় লগত মল-মূত্ৰ ত্যাগ কৰিব পৰা এটা ছুটকেছ লৈ ফুৰে।