তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব নেকি আমিৰ খান?

Jan 23, 2026 | 7:35 PM

এই বিষয়ে সোধাত আমিৰে কয় যে, "এয়া এনেকুৱা এটা সময়ত ঘটিছে যেতিয়া মোৰ প্ৰডাকচন 'হেপি পেটেল' মুক্তি পায়। গতিকে ইয়াৰ ওপৰত বহুতো চৰ্চা চলি আছে।" বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে লগতে কয় যে যদিও তেওঁ আৰু গৌৰীয়ে ইজনে সিজনৰ প্ৰতি অতি ছিৰিয়াছ, কিন্তু এতিয়াও বিয়াৰ কোনো পৰিকল্পনা নাই।

আমিৰ খান আৰু গৌৰী স্প্ৰাটৰ সম্পৰ্ক গোপনে থকা নাই! বহু দিন ধৰি দুয়োৱে ডেটিং কৰি আছে। মুম্বাইৰ এটা বিলাসী নতুন ঘৰত একেলগে থকা আৰম্ভ কৰা বুলিও খবৰ ওলাইছে। জানিব পৰা মতে, আমিৰৰ পৰিয়ালৰ বাকীসকল থকা ঠাইৰ পৰা এই ঘৰটো বেছি দূৰৈত নহয়।

এই বিষয়ে সোধাত আমিৰে কয় যে, “এয়া এনেকুৱা এটা সময়ত ঘটিছে যেতিয়া মোৰ প্ৰডাকচন ‘হেপি পেটেল’ মুক্তি পায়। গতিকে ইয়াৰ ওপৰত বহুতো চৰ্চা চলি আছে।” বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে লগতে কয় যে যদিও তেওঁ আৰু গৌৰীয়ে ইজনে সিজনৰ প্ৰতি অতি ছিৰিয়াছ, কিন্তু এতিয়াও বিয়াৰ কোনো পৰিকল্পনা নাই।

আমিৰে কয় যে হৃদয়েৰে তেওঁ ইতিমধ্যে প্ৰিয় মানুহগৰাকীক নিজৰ কৰিছে। কিন্তু তেওঁলোকৰ বিয়া আইনগতভাৱে হ’ব নে সামাজিকভাৱে হ’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা নাই। আমিৰে কয়, “গৌৰী আৰু মই সঁচাকৈয়ে ইজনে সিজনৰ প্ৰতি জৰুৰী আৰু আমাৰ মাজত এক শক্তিশালী, প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্ক আছে। আমি ইজনে সিজনৰ সংগী, সেয়ে আমি একেলগে আছো। মোৰ মনেৰে ইতিমধ্যে তেওঁক জীৱন সংগী কৰিছোঁ। গতিকে মই ইয়াক অফিচিয়েল কৰিম নে নকৰোঁ, মই সময়ৰ লগে লগে সিদ্ধান্ত লম।”