ভাৰতৰ আকাশমাৰ্গেৰে পাৰ হ’ব নোৱাৰিব পাকিস্তানী বিমান, চৰকাৰৰ নিৰ্দেশনা
সন্ত্ৰাসবাদী আক্ৰমণত ২৭ জন লোকৰ মৃত্যু হোৱাৰ পিছত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে । স্থগিত ৰখা হৈছে সিন্ধু জল চুক্তি । তাৰ পিছতেই পাকিস্তানে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে ভাৰতীয় বিমানৰ বাবে । সেই ঘোষণাৰ ৬ দিনৰ পাছত ভাৰতেও নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিলে ।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নতুন দিল্লীয়ে লৈছে আৰু এটা ডাঙৰ পদক্ষেপ । কোনো পাকিস্তানী বিমান প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব ভাৰতৰ আকাশমাৰ্গত । বুধবাৰে নিশা ভাৰতে এই ঘোষণা কৰে । ২৩ মে’ পৰ্যন্ত কোনো পাকিস্তানী বিমান উৰিব নোৱাৰিব ভাৰতীয় আকাশমাৰ্গত ।
সন্ত্ৰাসবাদী আক্ৰমণত ২৭ জন লোকৰ মৃত্যু হোৱাৰ পিছত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতে । স্থগিত ৰখা হৈছে সিন্ধু জল চুক্তি । তাৰ পিছতেই পাকিস্তানে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে ভাৰতীয় বিমানৰ বাবে । সেই ঘোষণাৰ ৬ দিনৰ পাছত ভাৰতেও নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিলে ।
ভাৰতৰ এই সিদ্ধান্তৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাকিস্তান । কাৰণ দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ যাত্ৰা কৰিবলৈ ভাৰতীয় আকাশমাৰ্গ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় পাকিস্তানৰ বাবে ।
এটা সূত্ৰই দাবী কৰা মতে, পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে ইতিমধ্যে পাকিস্তানী বিমানে ভাৰতীয় আকাশমাৰ্গ এৰাই চলি আন দেশলৈ উৰা মাৰিছে ।
আনহাতে ভাৰতৰ প্রতিশোধৰ ভয়ত কঁপিছে পাকিস্তান । নিৰ্দেশনাটোত কোৱা হৈছে যে এই নিষেধাজ্ঞা ২৩ মে’লৈকে কাৰ্যকৰী হ’ব । এই নিষেধাজ্ঞাৰ ফলত এই নিৰ্দিষ্ট আকাশমাৰ্গৰ ভিতৰত কোনো বিমান চলাচল কৰিবলৈ দিয়া নহ’ব । আনকি শ্বৰীফ চৰকাৰে ভাৰতৰ বাবে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ কৰাৰ কথাও ঘোষণা কৰিছে ।