কেনেকৈ জন্ম নিয়ন্ত্ৰণ কৰিব পাকিস্তানে? কণ্ডম কিনিবলৈও ধনৰ অভাৱ পাকিস্তানীৰ!

| Edited By: Monjit Dutta

Dec 19, 2025 | 10:50 PM

এতিয়া প্ৰশ্ন উত্থাপন হ’ব পাৰে যে কণ্ডমৰ দাম নিৰ্ণয় কৰিবলৈ পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন কিয়?

বিপদত পাকিস্তান, চুবুৰীয়া দেশখনে ধনৰ অভাৱত ক্ৰয় কৰিব পৰা নাই কণ্ডম। জন্মৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক হোৱা পাকিস্তানৰ আৰ্থিক অৱস্থা শোচনীয়। চৰকাৰে ৰাজকোষৰ পৰা ধন খৰচ কৰিব লগা হৈছে। এতিয়া আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)য়ে কণ্ডমৰ সাধাৰণ বিক্ৰী কৰ (জি এছ টি) হ্ৰাস কৰিবলৈ পাকিস্তানৰ অনুৰোধ নাকচ কৰিছে ।

পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সেই দেশত কণ্ডম (Condom) ক্ৰয় কৰিবলৈ চৰকাৰে কোষাগাৰৰ পৰা অতিৰিক্ত ধন খৰচ কৰিব লাগিব। অন্যথা দেশৰ জনসংখ্যা বৃদ্ধি পাব। পাকিস্তানত কণ্ডমৰ ওপৰত ১৮ শতাংশ জি এছ টি আৰোপ। শেহতীয়াকৈ পাকিস্তানৰ ফেডাৰেল ব’ৰ্ড অৱ ৰেভিনিউৱে এই জি এছ টি হাৰ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছিল, কিন্তু আই এম এফে সেই অনুৰোধক পোনপটীয়াকৈ নাকচ কৰে। আই এম এফে কয় যে, এই বিষয়টো পৰৱৰ্তী বাজেটত আলোচনা হ’ব।

এতিয়া প্ৰশ্ন উত্থাপন হ’ব পাৰে যে কণ্ডমৰ দাম নিৰ্ণয় কৰিবলৈ পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন কিয়? কাৰণ পাকিস্তান গভীৰ ঋণত পৰিছে। দেশৰ অৰ্থনীতি বচাবলৈ আই এম এফলৈ হাত আগবঢ়াইছে। আই এম এফেও কেইবাটাও চৰ্তৰ লগতে আৰ্থিক সাহায্য দিছে। কৰ, চৰকাৰী ব্যয়, ৰাজহৰ পৰা আৰম্ভ কৰি – এতিয়া সকলো কথাতে আই এম এফৰ মতামত ল’ব লাগিব।