শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
চাহ শ্ৰমিকক ভূমি পট্টা দিয়া সভালৈ গৌৰৱ গগৈকো মাতিব মুখ্যমন্ত্ৰীয়ে...

চাহ শ্ৰমিকক ভূমি পট্টা দিয়া সভালৈ গৌৰৱ গগৈকো মাতিব মুখ্যমন্ত্ৰীয়ে…

Barasha Sarma
Barasha Sarma | Published: 03 Dec 2025 17:00 PM

Himanta Biswa Sarma: কংগ্ৰেছ আৰু এজেপিক কটাক্ষ কৰি পুনৰ মন্তব্য প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, চাহ শ্ৰমিকক ভূমি পট্টা দিয়া সভালৈ গৌৰৱ গগৈকো মাতিব।

বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে, চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা হ’ব। কিন্তু তাৰ পাছতে কংগ্ৰেছ আৰু আজপাই চৰকাৰক কটাক্ষ কৰি এয়া ললিপপ আখ্যা দিয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত মত প্ৰদান কৰি কয় যে, চাহ শ্ৰমিকক ভূমি পট্টা দিয়া সভালৈ গৌৰৱ গগৈকো মাতিম। তেতিয়া তেওঁ দেখিব।

ইয়াৰোপৰি গৌৰৱ গগৈক ৰজা মানুহ বুলি কয় শৰ্মাই। তেওঁ কয় যে, গৌৰৱ গগৈৰ পত্নী আহিছিল যাৰ বাবে ৩ দিন তেওঁ ঘৰতে আছিল। অসম দিৱসৰ শুভেচ্ছা দিবও পাহৰি গৈছিল। ইয়াৰোপৰি আজাপাকো কটাক্ষ কৰি মন্তব্য কৰে শৰ্মাই। আজাপা সন্দৰ্ভত জুবিন গাৰ্গে সকলো কৈ গৈছে বুলি কয় তেওঁ।

সবিশেষৰ বাবে চাওক ভিডিঅ’…