২০২৬ ৰ নতুন পৰিকল্পনাৰে GMCৰ মেয়ৰ মৃগেন শৰণীয়া সংবাদমেল…

Dec 31, 2025 | 4:51 PM

নতুন বছৰৰ পূৰ্বে আজি সংবাদমেল সম্বোধন কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। এই সময়চোৱাত তেওঁ বিভিন্ন দিশৰ কথা উল্লেখ কৰে। জি এম চিয়ে লৈ অহা ব্যৱস্থা আৰু ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত সবিশেষ জনায়।

২০২৫ বৰ্ষৰ শেষৰ দিনটোত GMC মেয়ৰৰ উপস্থিতিত সংবাদমেল। ২০২৬ ৰ পৰিকল্পনাৰে এই সংবাদমেল সম্বোধন কৰে মেয়ৰ মৃগেন শৰণীয়াই। স্বচ্ছতাৰ পৰ্যৱেক্ষণত ৪৪ সংখ্যক স্থান পোৱাৰ বাবে গুৱাহাটী বাসীক ধন্যবাদ জনাই তেওঁ কয় যে, জাবৰ নিষ্কাষণৰ ক্ষেত্ৰত এতিয়ালৈকে ৪০৮টন নিষ্কাষণ। প্ৰতিদিনে ৭০০ টন জাৱৰ সংগ্ৰহ কৰা হয়।

১২লাখ টন জাবৰ পুৰণা ড্ৰামপিং গ্ৰাউণ্ডত পাবলৈ সক্ষম এইখিনি নোহোৱা কৰিবলৈ পৰিকল্পনা। নতুন ড্ৰামপিং গ্ৰাউণ্ডত ৩ লাখ টন জাবৰ নিষ্কাষণ কৰা হৈছে। MRF আদাবাৰী আৰু ফাচীবজাৰত দুটাকৈ ষ্টেচন বনোৱা হৈছে। য’ত শুকান জাবৰ সমূহ উলিয়াই পেলোৱা হৈছে। টাউন প্লেনিংৰ পৰামৰ্শ অনুসৰি পদপথ সৌন্দৰ্যবৰ্ধনৰ কাম কৰিছে। নতুন আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত পদপথৰ সৌন্দৰ্যবৰ্ধনৰ কাম কৰাৰ পৰিকল্পনা লোৱা হৈছে।

তেওঁ কয় যে, ৩৪,২৫০ টা ষ্টীট ৮০ কোটি ব্যয়ৰে স্থাপন কৰা হৈছে গুৱাহাটীত। ৪ খন পানী মৰা গাড়ী ক্ৰয় কৰা হৈছে। ২৫০ খন জাবৰ আদায় কৰা বাহন অৰ্ডাৰ দিয়া হৈছে। জলবৰ্ডৰ জড়িয়তে পানী নোযোৱা স্থানত পানী দিয়া ব্যৱস্থা। ধৰ্মীয় অনুষ্ঠানত বিনামূলীয়া পানী যোগান দিয়া হৈছে।

১৩২ কোটি ব্যয়ৰে কাম আৰম্ভ কৰিব ২৬ৰ আৰম্ভণিৰ পৰা। দহ লাখকৈ প্ৰতিটো ৱাৰ্ডৰ ষ্ট্ৰীট লাইট।কমিউনিটি হল নিৰ্মাণ কৰা হ’ব। ৱাৰ্ডৰ ৰাস্তা ঘাট নিৰ্মাণৰ বাবে ৪০ লাখকৈ দিয়া হ’ব। ৫৫৯ টা সৰু বৰ নলা নিষ্কাষণ আৰু মেৰামতি কৰাৰ কাম হাতত লোৱা হৈছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…