সংসদত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত অৱস্থাক লৈ সৰৱ গৌৰৱ গগৈ
যোৰহাট-ডিব্ৰুগড় সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে জনসাধাৰণে এন্মুখীন হোৱা অসুবিধাৰ বিষয়ে সদৰী কৰি গৌৰৱ গগৈয়ে এই বিষয়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তৎকালীনভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত সবিশেষ খবৰৰ বাবে চাওক ভিডিঅ’...
যোৱা ১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। আজি অধিৱেশনৰ চতুৰ্থ দিনা সংসদৰ প্ৰশ্নকালীন ঘণ্টাত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰাৱস্থা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। যোৰহাটৰ সাংসদগৰাকীয়ে বিশেষকৈ যোৰহাট-ডিব্ৰুগড় সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাক লৈ সদনৰ মজিয়াত সৰৱ হৈ পৰে। কেন্দ্ৰীয় পথ আৰু পৰিবহন বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীক এই পথছোৱাক লৈ প্ৰশ্ন উত্থাপন কৰে।
যোৰহাট-ডিব্ৰুগড় সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে জনসাধাৰণে এন্মুখীন হোৱা অসুবিধাৰ বিষয়ে সদৰী কৰি গৌৰৱ গগৈয়ে এই বিষয়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তৎকালীনভাৱে হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। এই সন্দৰ্ভত সবিশেষ খবৰৰ বাবে চাওক ভিডিঅ’…
