ৰাজনৈতিক সংকটত পৰিলে বিজেপি দল এৰিবলৈ সময় নালাগে হিমন্ত বিশ্ব শৰ্মাক- গৌৰৱ গগৈ

Jan 27, 2026 | 7:43 PM

হিমন্ত বিশ্ব শৰ্মাক হিন্দুৰ জিন্না আখ্যা সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কটাক্ষ কৰি কয়,হিমন্ত বিশ্ব শৰ্মা ভয়াতুৰ ৰাজনীতিবিধ। ৰাজনৈতিক সংকটত পৰিলে বিজেপি দল এৰিবলৈ সময় নালাগে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিন্দুৰ জিন্না আখ্যা সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কটাক্ষ কৰি কয়,হিমন্ত বিশ্ব শৰ্মা ভয়াতুৰ ৰাজনীতিবিধ। ৰাজনৈতিক সংকটত পৰিলে বিজেপি দল এৰিবলৈ সময় নালাগে। ভাল হওক বা বেয়া হওক চিৰদিন বিজেপি দলত থাকিব বুলি কেতিয়াও কথা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছ দলত থাকি কৰা দূৰ্নীতি ঢাকিবলৈ একে ৰাতিতে বিজেপি দলত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই অসমখনক লুণ্ঠন চলাই নিজৰ পৰিয়ালৰ,পত্নীৰ সম্পত্তি গঢ়িছে বুলি সমালোচনা কৰে গৌৰৱ গগৈয়ে।

ইফালে, অসম গণ পৰিষদ বিজেপি ওচৰত নতশিৰ কৰি নিঃশেষ হৈছে বুলি কয় গৌৰৱ গগৈয়ে। কেৱল মাত্ৰ কেইজনমান লোকৰ কথা চিন্তা কৰি অগপ দল চলি আছে। অগপ দলৰ জাতীয়তাবাদী চিন্তা এতিয়া আৰু নাই বুলি সমালোচনা গৌৰৱ গগৈয়ে।