শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিজেপিক ভোট নিদিয়া লোকৰ ভোটাৰ তালিকাৰপৰা নাম কৰ্তন কৰা সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

বিজেপিক ভোট নিদিয়া লোকৰ ভোটাৰ তালিকাৰপৰা নাম কৰ্তন কৰা সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

Manas Borah
Manas Borah | Published: 09 Jan 2026 19:46 PM

বিজেপিৰ জ্যেষ্ঠ নেতাসকলে বিজেপিক সমৰ্থন নকৰা ভোটাৰৰ নাম নিৰ্বাচনী তালিকাৰ পৰা আঁতৰোৱাৰ সন্দৰ্ভত আলোচনাত জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াক সাংবিধানিক অধিকাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰে গৌৰৱ গগৈয়ে।

কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে যোৱা ৯ জানুৱাৰীত বিজেপিৰ জ্যেষ্ঠ নেতাসকলে বিজেপিক সমৰ্থন নকৰা ভোটাৰৰ নাম নিৰ্বাচনী তালিকাৰ পৰা আঁতৰোৱাৰ সন্দৰ্ভত আলোচনাত জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াক সাংবিধানিক অধিকাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰে। সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে, বিজেপিৰ ৰাজ্যিক সভাপতিও উপস্থিত থকা VC(Video Conference) সময়ত বিজেপিক ভোট নিদিয়াসকলৰ নাম আঁতৰোৱাৰ কথা আলোচনা কৰা বুলি দাবী কৰি বাতৰি প্ৰকাশ প্ৰকাশ পাইছে।

সাংসদ গগৈয়ে গণতন্ত্ৰক উপলুঙা কৰাৰ প্ৰয়াস কৰা বুলি আখ্যা দি গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি কয়, “ভোটাৰ তালিকাৰ পৰা মানুহক আঁতৰাবলৈ তেওঁলোক কোন? ভোটাধিকাৰ সাংবিধানিক অধিকাৰ।” ভাৰতৰ নিৰ্বাচন আয়োগে এই বিষয়ত মৌনতা অৱলম্বন কৰাকো সমালোচনা কৰি কয় যে, এনে অভিযোগৰ সন্দৰ্ভত সাংবিধানিক কৰ্তৃপক্ষৰ পৰা তাৎক্ষণিকভাৱে স্পষ্টীকৰণ দিয়া আৰু ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে।