শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মদ্যপান, পকেটমাৰ এনেবোৰ হ'ব নালাগে জুবিন ক্ষেত্ৰত: গৰিমা

মদ্যপান, পকেটমাৰ এনেবোৰ হ’ব নালাগে জুবিন ক্ষেত্ৰত: গৰিমা

trishna-kalita
Trishna Kalita | Updated On: 30 Oct 2025 13:28 PM

সাংবাদিকৰ আগত গৰিমাই কয়, ‘জুবিন ক্ষেত্ৰত মদ্যপান , পকেটমাৰ এনেবোৰ হ’ব নালাগে ৷ শান্তি ভূমিত এনেবোৰ হ’ব নালাগে৷’ জুবিন ক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ সকলোকে আহ্বান জনাই গৰিমাই।

বৃহস্পতিবাৰে পুৱাই জুবিন ক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গসহ নিৰ্মাণ কমিটীৰ সদস্যসকল। পুৱাই জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিলে নিৰ্মাণ কমিটীৰ সদস্যসকলে। গৰিমা গাৰ্গৰ লগতে সুদৰ্শন ঠাকুৰ, প্ৰাঞ্জল শইকীয়া, পুলক বেনাৰ্জীৰ পৰিদৰ্শন। পামী বৰঠাকুৰ, অনুৰাধা শৰ্মা পূজাৰী, বীৰেন সিংহ উপস্থিত। তৰালী শৰ্মা, পাৰ্থ সাৰথি মহন্তও আছে দলটোৰ সৈতে।

জুবিন ক্ষেত্ৰত একাংশ ব্যক্তিয়ে সেই স্থানত সুৰা সেৱন কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে সোণাপুৰৰ স্থানীয় বাসিন্দাসকলে। চৰকাৰে জাৰি কৰা এছ অ’ পি বলবৎ কৰি ঠাইখনৰ পবিত্ৰতা বজাই ৰাখিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে বাসিন্দাসকলে। এজন বাসিন্দাই কয়- ‘এইদৰে চলি থাকিলে জুবিন ক্ষেত্ৰৰ মৰ্যাদা ৰক্ষাৰ বাবে আমি নিজাকৈ পদক্ষেপ ল’ম।’ এই সন্দৰ্ভত সাংবাদিকৰ আগত গৰিমাই কয়, ‘জুবিন ক্ষেত্ৰত মদ্যপান , পকেটমাৰ এনেবোৰ হ’ব নালাগে ৷ শান্তি ভূমিত এনেবোৰ হ’ব নালাগে৷’ জুবিন ক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ সকলোকে আহ্বান জনাই গৰিমাই।