শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মই গ'মেই পোৱা নাছিলো, মোৰ কাষত এজন ভগৱান আছিল-গৰিমা

মই গ’মেই পোৱা নাছিলো, মোৰ কাষত এজন ভগৱান আছিল-গৰিমা

Barasha Sarma
Barasha Sarma | Published: 24 Sep 2025 21:55 PM

Zubeen garg: জুবিন গাৰ্গ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই গৰিমা শইকীয়া গাৰ্গে। তেওঁ প্ৰিয় মানুহজনক ভগৱানৰ সৈতে তুলনা কৰে। লগতে সপোনৰ প্ৰজেক্টৰ বিষয়েও কয়।

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সৰ্বত্ৰে বহু প্ৰশ্নৰ উত্থাপন হৈছে। জুবিনৰ মৃত্যু সন্দৰ্ভত সৃষ্টি হৈছে বহু ৰহস্যৰ। ইয়াৰ মাজতে গৰিমা শইকীয়া গাৰ্গে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, মোৰ ওচৰত ইমান দিন এজন ভগৱান আছিল, মই গ’মেই নাপালো। তেওঁক সকলোৱে ইমান মৰম দিলে। তেওঁৱো সকলোকে ভাল পাইছিল।

ইয়াৰোপৰি জুবিনৰ সপোনৰ প্ৰজেক্ট সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে, জুবিনৰ ইচ্ছা অনুসৰি ৩১ অক্টোবৰত ৰৈ ৰৈ বিনালে ছবিখনে মুক্তি লাভ কৰিব। ইতিমধ্যে ইয়াৰ কাম আনসকলে কৰি আছে। এই প্ৰজেক্টটো জুবিনৰ সপোনৰ আছিল বুলি কয় গৰিমাই।

ইফালে জুবিনৰ পিতৃ বৰ্তমান সুস্থ আছে বুলি কয় তেওঁ। কালি জুবিনৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত অসুস্থ হৈ পৰিছিল পিতৃ।