Khaleda Zia Passes Away: খালেদা জিয়াৰ দেহাৱসানৰ পৰা জেহাদী গ্ৰেপ্তাৰলৈ দিনটোৰ শীৰ্ষ খবৰ

| Dec 30, 2025 | 10:53 PM

আজি নামনি অসমৰ কেবাটাও স্থানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণত তেওঁ উল্লেখ কৰে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক অহা ১ জানুৱাৰীত তেওঁ বিশেষ উপহাৰ প্ৰদান কৰিব। অসমৰ হিন্দু মহিলাসকলক দুটা বা প্ৰয়োজনত তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

১. অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জেহাদৰ ভয়ংকৰ জাল পেলাইছে বাংলাদেশী মৌলবাদীয়ে। শেহতীয়াকৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জেহাদী চক্ৰৰ সৈতে জড়িত ১১ গৰাকী লোকক। এওঁলোকৰ সৰহভাগেই বৰপেটা জিলাৰ আৰু এজন ত্ৰিপুৰাৰ। ইমাম মাহমুদ কাফিলা নামৰ এটা মডিউলৰ অধীনত জিহাদী গোটত সদস্যভৰ্তি, ধন সংগ্ৰহ আদি বিভিন্ন কামত জড়িত আছিল এইসকল লোক।

২. বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে খালেদা জিয়াই। বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল খালেদা। ভাৰতকে ধৰি বিভিন্ন দেশৰ নেতাই শোক প্ৰকাশ কৰিছে নেত্ৰীগৰাকীৰ মৃত্যুত।

৩. আজি নামনি অসমৰ কেবাটাও স্থানত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণত তেওঁ উল্লেখ কৰে যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক অহা ১ জানুৱাৰীত তেওঁ বিশেষ উপহাৰ প্ৰদান কৰিব। অসমৰ হিন্দু মহিলাসকলক দুটা বা প্ৰয়োজনত তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

৪. চলিত পৰ্যটন বৰ্ষত অভিলেখ ৰচিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। যোৱা অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা পৰ্যটকৰ আগমন ঘটিছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ। পূৰ্বৰ তুলনাত এই বছৰ প্ৰায় ১২৭% অধিক বিদেশী পৰ্যটক আহিছে কাজিৰঙালৈ। চলিত বৰ্ষত ২৭ ডিচেম্বৰলৈকে কাজিৰঙাত পদাৰ্পণ কৰিছে ৬,৬৯৯ গৰাকী বিদেশী পৰ্যটকে।

৫. মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ। বনবিভাগক বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ডঃ শৰ্মাই। ইফালে এই কাণ্ডৰ আঁৰত চৰকাৰৰ হাত থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈয়ে। যোৱা দেওবাৰে কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰিছিল অৰণ্য মানৱ যাদৱ পায়েঙৰ মোলাই কাঠনিত।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…