শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শেখৰ গোস্বামীৰ আটকৰ পৰা শ্যামকানুৰ চাফাইলৈ, দিনটোৰ শীৰ্ষ খবৰ

শেখৰ গোস্বামীৰ আটকৰ পৰা শ্যামকানুৰ চাফাইলৈ, দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Published: 25 Sep 2025 23:17 PM

আজি এক অজ্ঞাত স্থানৰ পৰা শ্যামকানু মহন্তই ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। টি আৰ পিৰ আশাত সংবাদ মাধ্য়মে তেওঁক বদনামী কৰা বুলি দাবী কৰিছে শ্যামকানুৱে।

জুবিন গাৰ্গৰ মৃত্য়ুৰ ঘটনা ক্ৰমাৎ অধিক ৰহস্যঘন হৈ পৰিছে। এই গোচৰত তদন্তকাৰী দলে আজি জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰ গোস্বামীক আটক কৰিছে। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে সংঘটিত দুৰ্ঘটনাৰ সময়ত শেখৰ গোস্বামীও ঘটনাস্থলীত উপস্থিত আছিল। শেখৰ গোস্বামী আটক হ’লেও অৱশ্যে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ এতিয়াও সন্ধান নাই। সিদ্ধাৰ্থ শৰ্মাৰ লগতে এই ঘটনাৰ আন এক অভিযুক্ত শ্যামকানু মহন্তৰ আত্মগোপন সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কোনো ধৰণৰ উৰাবাতৰি বিশ্বাস নকৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক অনুৰোধ জনায়। আগন্তুক ১০-১৫ দিনৰ ভিতৰত সকলো কথা স্পষ্ট হৈ পৰিব বুলিও তেওঁ লগতে আশ্বাস দিয়ে। এনে চৰ্চাৰ মাজতে ইফালে আজি এক অজ্ঞাত স্থানৰ পৰা শ্যামকানু মহন্তই ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। টি আৰ পিৰ আশাত সংবাদ মাধ্য়মে তেওঁক বদনামী কৰা বুলি দাবী কৰিছে শ্যামকানুৱে।