শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ক্ৰিকেট মেচত ব্যৱহাৰ কৰা কেমেৰাবোৰৰ কোনটোৰ কাম কি, এইবোৰৰ দাম কিমান, জানো আহক

ক্ৰিকেট মেচত ব্যৱহাৰ কৰা কেমেৰাবোৰৰ কোনটোৰ কাম কি, এইবোৰৰ দাম কিমান, জানো আহক

Raj Saikia
Raj Saikia | Published: 21 Apr 2025 22:57 PM

আই পি এলৰ দৰে এখন টুৰ্ণামেন্টত কি কি কেমেৰা ব্যৱহাৰ কৰা হয়, ইয়াৰ দাম কিমান, এইবোৰ সঠিক তথ্য লাভ কৰাতো সহজ নহয় । কিন্তু যি তথ্য পোৱা গৈছে, সেয়া জানো আহক ।

সময়ৰ লগে লগে সলনি হয় সকলো । সলনি হৈছে ক্ৰিকেটৰো ৰেহ-ৰূপ । ক’লা-বগা ছবিৰ পৰা ৰঙীণ দৃশ্যলৈ, নানা মুহূৰ্তৰ জীৱন্ত ছবি কেপচাৰ কৰে কেমেৰাই । তেনেদৰে খেলখনৰ স্বচ্ছতা বজাই ৰখাও গুৰুত্বপূৰ্ণ । দৰ্শকক ক্ৰিকেট মেচৰ সমস্ত তথ্য, মুহূৰ্ত যোগান ধৰাৰ ক্ষেত্ৰত কেমেৰাৰ ভূমিকা গুৰুত্বপূৰ্ণ । সম্প্ৰচাৰ, আম্পায়াৰৰ সিদ্ধান্তৰ পৰা আৰম্ভ কৰি স্ক্ৰীণত জিলিকি উঠে প্ৰতিটো মুহূৰ্ত । প্ৰতিখন মেচক জীৱন্ত কৰে কেমেৰাই । এইবাৰ যিদৰে আই পি এলত ব্যৱহাৰ কৰা হৈছে ৰবট-কুকুৰ ।

আই পি এলৰ এখন মেচ সম্প্ৰচাৰৰ বাবে প্ৰায় ৩০-৪০ টা কেমেৰা ব্যৱহাৰ কৰা হয় । ইয়াৰ বাবে নিয়োজিত থাকে প্ৰায় ৭০০ দক্ষ কৰ্মী । লগতে থাকে প্ৰডাকচন কন্ট্ৰল ৰূম । ইয়াৰ পৰাই মেচ সম্প্ৰচাৰ পৰিচালিত হয় । ২০২৪ চনত জিঅ’ চিনেমাই ধোনী, কোহলীৰ দৰে ক্ৰিকেট তাৰকাৰ অনুৰাগীৰ বাবে পৃথকে কেমেৰা ইনষ্টল কৰিছিল । আই পি এলৰ দৰে এখন টুৰ্ণামেন্টত কি কি কেমেৰা ব্যৱহাৰ কৰা হয়, ইয়াৰ দাম কিমান, এইবোৰ সঠিক তথ্য লাভ কৰাতো সহজ নহয় । কিন্তু যি তথ্য পোৱা গৈছে, সেয়া জানো আহক ।

প্ৰথমে কওঁ হেলমেট কেমেৰাৰ কথা । সম্প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা এই কেমেৰাৰ ওজন ১০০ গ্ৰামৰো কম । ইয়াৰ দাম ১ ৰ পৰা ৩ লাখ টকা পৰ্যন্ত । প্ৰথমে কেৱল অনফিল্ড আম্পায়াৰে ব্যৱহাৰ কৰিছিল এই কেমেৰা । বৰ্তমান খেলুৱৈসকলেও ইয়াক ব্যৱহাৰ কৰে । আম্পায়াৰৰ সৈতে ক্ৰিকেটাৰৰ কথা-বাৰ্তা, কেতিয়াবা আলোচনাত উত্তেজনাৰ সৃষ্টি হ’লে সেই অভিব্যক্তি কেমেৰাত ধৰা পৰে । লগতে বেটাৰৰ কেমেৰাৰ পৰা কোনো শ্বটৰ নিখুঁত ভিজুৱেল পোৱা যায় ।

তাৰ পাছত আহোঁ ষ্টাম্প কেমেৰাৰ কথালৈ । মিডল ষ্টাম্পত এই কেমেৰা সংযোগ কৰা হয় । ইয়াৰ দাম ৩ ৰ পৰা ৫ লাখ টকা । বহু সময়ত ষ্টাম্পিঙৰ ক্ষেত্ৰত ক্ল’জ কল দেখা যায় । ছাইড এংগলৰ পৰা যিটো নিশ্চিত কৰিব পৰা নাযায় । সেই ক্ষেত্ৰত এই কেমেৰাই সঠিক ভিজুৱেল যোগান ধৰাত সহায় কৰে । লগতে ষ্টাম্প মাইকো থাকে । বেটত বল লাগিলে খুব কম প্ৰাবল্যৰ শব্দও ৰেকৰ্ড হয় এই মাইকত । কট বিহাইণ্ড বা লেগ বিফ’ৰৰ ক্ষেত্ৰত ই খুবেই জৰুৰী । এই মাইকত কীপাৰ, বেটাৰৰ কথা-বাৰ্তাও শুনা যায় । ষ্টাম্পৰ পিছত ঋষভ পন্ট থাকিলে সেই ৰেকৰ্ড ৰসাল হৈ পৰে ।

ড্ৰোন কেমেৰাৰ বিষয়ে অৱশ্যে সকলোৱেই অলপ-অচৰপ জানে । বাৰ্ড আই ভিউ বা টপ ভিউ বুলি কোৱা হয় ইয়াক । সম্পূৰ্ণ ষ্টেডিয়াম অথবা গেলাৰীৰ নানা দৃশ্য বন্দী কৰে এই কেমেৰাই । খেল উপভোগৰ ৰোমাঞ্চ ই বৃদ্ধি কৰে । পিচৰ লগতে সম্পূৰ্ণ খেলপথাৰৰ দৃশ্য ই দেখুৱায় । কোনো কেচৰ ক্ষেত্ৰত সন্দেহ থাকিলে থাৰ্ড আম্পায়াৰক সিদ্ধান্ত লোৱাত ই সহায় কৰে । ইয়াৰ দাম প্ৰায় ৫ ৰ পৰা ২০ লাখ টকা ।

থাৰ্ড আম্পায়াৰ কেমেৰা বা ৰেফাৰী কেমেৰাও খেলত ব্যৱহাৰ হয় । ডিআৰএছৰ ক্ষেত্ৰত নিজৰ প্ৰয়োজন অনুসৰি ভিজুৱেল প্ৰত্যক্ষ কৰে থাৰ্ড আম্পায়াৰে । এই কেমেৰাৰ উন্নত প্ৰযুক্তিয়ে নিখুঁত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰে । এই কেমেৰাসমূহৰ দাম ১০ ৰ পৰা ২৫ লাখ টকাৰ ভিতৰত । লেগ বিফৰ সিদ্ধান্তৰ ক্ষেত্ৰত বল ট্ৰেকিং খুবেই গুৰুত্বপূৰ্ণ । থাৰ্ড আম্পায়াৰে যাতে নিৰপেক্ষ তথা সঠিক সিদ্ধান্ত ল’ব পাৰে, তাৰ বাবে এই কেমেৰা ব্যৱহাৰ কৰা হয় ।

আমি সদায় এখন গাড়ীৰ দৰে কেমেৰা খেলপথাৰৰ বাউণ্ডেৰী লাইনৰ কাষত বা বাউণ্ডেৰীৰ ভিতৰতো কেতিয়াবা দেখাপাওঁ । ইয়াক বাগি কেমেৰা বুলি কোৱা হয় । ৰিম’ৰ্টৰ দ্বাৰা এই কেমেৰা অপাৰেট কৰা হয় । খেলপথাৰৰ যিকোনো দিশৰ ভিজুৱেল ই কেপচাৰ কৰে । সাধাৰণতে বাউণ্ডীৰ লাইনৰ কাষত ইয়াক ব্যৱহাৰ কৰা হয় । এই কেমেৰাৰ দাম প্ৰায় ২ কোটি টকা । খেলুৱৈয়ে খেলপথাৰত প্ৰৱেশ কৰা, বাউণ্ডেৰী লাইনৰ কাষত, গ্ৰাউণ্ড ফিল্ডিং আৰু খেলৰ নানা দৃশ্য ই কেপচাৰ কৰে । বাউণ্ডেৰীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এই কেমেৰাৰ ভিজুৱেলৰ সহায় লোৱা হয় ।

কোনো এটা বিশেষ মুহূৰ্ত শ্ল’ মোশনত দেখি খুব ভাল লাগে । সেয়া এটা সুন্দৰ ষ্টাম্পিং হ’ব পাৰে বা দুৰ্দান্ত ফিল্ডিং হ’ব পাৰে । ইয়াৰ বাবে হাইস্পীড কেমেৰা ব্যৱহাৰ কৰা হয় । খেলপথাৰত তীব্ৰ গতিৰ প্ৰতি মুহূৰ্ত কেপচাৰ কৰাটো কঠিন । কিন্তু হাইস্পীড কেমেৰাই সেই কাম কৰে । পাছত সেই মুহূৰ্তসমূহ শ্ল’ মোশনত আৰু সুন্দৰকৈ দেখুওৱা হয় । এনে কেমেৰাৰ দাম ১ ৰ পৰা ২ কোটি টকা হয় ।

স্পাইডাৰকেম, হয়তো আপুনি ভাবিব পাৰে এই নামটো কিয় দিয়া হ’ল । মকৰাৰ জালৰ দৰেই দেখা যায় ইয়াৰ সম্পূৰ্ণ ছেটআপ । খেলপথাৰত ফ্লাড লাইটৰ খুঁটাৰ সৈতে ইয়াৰ তাঁৰসমূহ বন্ধা থাকে । বহু উচ্চতাৰ পৰা ভিজুৱেল কেপচাৰ কৰে ই । প্ৰয়োজনত তললৈ নমাই আনিব পাৰি । টাইম আউটৰ সময়ত বহুক্ষেত্ৰত খেলুৱৈৰ ক্ল’জআপ শ্বট দেখা যায় । বহু খেলুৱৈয়ে স্পাইডাৰকেমৰ সমুখত ধেমালিৰে অংগী-ভংগী দেখুওৱা পৰিলক্ষিত হয় ।

ক্ৰিকেটৰ সৈতে যে বিনোদনো থাকে, তাৰ অন্যতম দৃশ্য দেখা যায় স্পাউডাৰ কেমেৰাত । ক্ৰিকেট সম্প্ৰচাৰৰ বাবে ব্যৱহৃত অন্যতম দামী কেমেৰাৰ ভিতৰত স্পাইডাৰকেমো এটা । এনেকুৱা এটা কেমেৰা ছেটআপ আৰু পৰিচালনাৰ বাবে প্ৰায় ৫ ৰ পৰা ১০ কোটি টকা খৰচ হয় । ইয়াৰ দ্বাৰা ক্ৰিকেট অধিক মনোগ্ৰাহীও হয় ।

প্ৰতিবেদক: দীপাংকৰ ঘোষাল, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা