যোৰহাটত জুবিন গাৰ্গক শ্ৰদ্ধা জ্ঞাপন কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰৰ…
কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ উপস্থিত হয় যোৰহাটত। এই সময়চোৱাত তেওঁ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। জুবিনৰ মৃত্যু কেৱল ৰাজ্যত নহয়, দেশতো শোকৰ ছা পেলাইছে।
যোৰহাটত জুবিন গাৰ্গক শ্ৰদ্ধা জ্ঞাপন কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰৰ। সকলোৰে হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে ৰাজ্যত শোকৰ ছাঁ পৰিছে। কেৱল ৰাজ্যতে নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ মানুহে জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ইয়াৰ মাজতে আজি যোৰহাটত উপস্থিত হয় কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰৰ। তেওঁ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
যোৱা ১৯ ছেপ্টেম্বৰত ৰহস্যজনক অৱস্থাত মৃত্যুক সাৱতি লৈছিল জুবিন গাৰ্গে। বৰ্তমান ঘটনা সন্দৰ্ভত চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে দুজনক। গ্ৰেপ্তাৰ হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে। আনকি পৰিয়ালৰ লোকেও ন্যায়ৰ দাবী জনাইছে।
