শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পবিত্ৰ বৰদিনলৈ মাজত মাথোঁ কেইটামান ঘন্টা বাকী, মহানগৰীত ব্যাপক প্ৰস্তুতি

পবিত্ৰ বৰদিনলৈ মাজত মাথোঁ কেইটামান ঘন্টা বাকী, মহানগৰীত ব্যাপক প্ৰস্তুতি

barasha-misra
Barasha Misra | Published: 24 Dec 2025 15:16 PM

খ্ৰীষ্টানধৰ্মালম্বীসকলে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে একেলগে এই দিনটো পালন কৰে। বৰদিনৰ সময়ত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে ইজনে সিজনক উপহাৰ দিয়ে আৰু একেলগে বিশেষ খাদ্য উপভোগ কৰে।

কাইলৈ পবিত্ৰ বৰদিন, এতিয়া মাজত মাথোঁ কিছু ক্ষণ। বৰদিন পালন কৰিবলৈ সাজু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল। গুৱাহাটীৰ গীৰ্জাঘৰ সমূহতো চলিছে বৰদিনৰ আয়োজন। বৰদিনৰ সামগ্ৰীৰে ভৰপূৰ গুৱাহাটীৰ বজাৰ। গুৱাহাটীৰ গীৰ্জাঘৰ সমূহতো চলিছে বৰদিনৰ আয়োজন। এফালে আটক ধুনীয়াকৈ সাজু কৰা হৈছে গীৰ্জাঘৰ আনফালে কেৰলৰ ধ্বনিৰে মুখৰিত চৌদিশ। বৰদিন উৎযাপনৰ জৰিয়তে সমগ্ৰ দেশতে শান্তি সম্প্ৰীতিৰ বিৰাজ কৰিবৰ বাবে যীশুখ্ৰীষ্টৰ ওচৰত প্ৰাৰ্থনা কৰিব বুলি জানিব দিছে খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে ।

খ্ৰীষ্টানধৰ্মালম্বীসকলে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে একেলগে এই দিনটো পালন কৰে। বৰদিনৰ সময়ত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে ইজনে সিজনক উপহাৰ দিয়ে আৰু একেলগে বিশেষ খাদ্য উপভোগ কৰে।