শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Budget 2025: আয়কৰৰ ক্ষেত্ৰত আহিব পাৰে নতুন আইন, কৰ দাতাই পাব পাৰে ভাল খবৰ...

Budget 2025: আয়কৰৰ ক্ষেত্ৰত আহিব পাৰে নতুন আইন, কৰ দাতাই পাব পাৰে ভাল খবৰ…

Barasha Sarma
Barasha Sarma | Edited By: Monjit Dutta | Updated On: 30 Jan 2025 21:18 PM

Budget 2025: ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব পূৰ্ণাংগ বাজেট। এই বাজেটত আয়কৰ, কৰ দাতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কোনো ডাঙৰ ঘোষণা কৰিব পাৰে।

প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ১ ফেব্ৰুৱাৰীত দাখিল কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। এনে সময়ত বাজেটক লৈ সকলোৰে মাজত চৰ্চা চলিছে। এই বাজেটত আয়কৰ সৰলীকৰণ কৰাৰ লগতে নতুন বাজেটত নতুন আয়কৰ আইন অনাৰ সম্ভাৱনা আছে। কৰ দাতাৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে মোদী চৰকাৰে।

বৰ্তমানৰ নিয়ম অনুসৰি বাৰ্ষিক আয় ১২ ৰ পৰা ১৫ লাখ হোৱাসকলে ২০ শতাংশ কৰ দিব লাগে। আশা কৰা হৈছে চৰকাৰে মধ্যবিত্ত কৰদাতাসকলক ৰেহাই প্ৰদান কৰাৰ বাবে ১৫ ৰ পৰা ১৮ লাখৰ নতুন টেক্স স্লেভ তৈয়াৰ কৰিব পাৰে।ইয়াৰ অধীনত অহা কৰ দাতাসকলৰ বাবে আয়কৰৰ পৰিমাণ ২৫ শতাংশ হ’ব পাৰে।