BSNL News: ভাৰতীয় সেনাই ক’ব ‘ধন্যবাদ’! BSNL য়ে মুকলি কৰিছে বিশেষ ৰিচাৰ্জ প্লেন…

Jun 19, 2025 | 7:42 AM

১৪৯৯ টকাৰ এই ৰিচাৰ্জ প্লেনত BSNL য়ে ৫ শতাংশ অতিৰিক্ত বেনিফিট প্ৰদান কৰিছে। ৩৩৬ দিনীয়া এই প্লেনত প্ৰতিদিনে ১০০টা এছএমএছৰ লগতে আনলিমিটেড কল কৰা সুবিধা লাভ কৰিব । তদুপৰি এই প্লেনত লাভ কৰিব মুঠ ২৪ জিবি ডাটা । পিছে এই প্লেনত প্ৰদান কৰা ৫ শতাংশ বেনিফিট কি ?

চৰকাৰী টেলিকম কোম্পানী BSNL ৰ নতুন ৰিচাৰ্জ প্লেন চৰ্চালৈ আহিছে। ১৪৯৯ টকাৰ এই ৰিচাৰ্জ প্লেনত BSNL য়ে ৫ শতাংশ অতিৰিক্ত বেনিফিট প্ৰদান কৰিছে। ৩৩৬ দিনীয়া এই প্লেনত প্ৰতিদিনে ১০০টা এছএমএছৰ লগতে আনলিমিটেড কল কৰা সুবিধা লাভ কৰিব । তদুপৰি এই প্লেনত লাভ কৰিব মুঠ ২৪ জিবি ডাটা । পিছে এই প্লেনত প্ৰদান কৰা ৫ শতাংশ বেনিফিট কি ?

এই ৰিচাৰ্জ প্লেনৰ জৰিয়তে ভাৰতীয় সেনাৰ কাষত থিয় দিয়াৰ সুযোগ দিছে BSNL য়ে । যিটো সেই অতিৰিক্ত ৫ শতাংশ বেনিফিটত অন্তৰ্ভুক্ত কৰা হৈছে। ৫ শতাংশ বেনিফিটৰ ভিতৰত ২.৫ শতাংশ সেনাক দিয়া হ’ব। বাকী ২.৫ শতাংশ এই চৰকাৰী টেলিকমিউনিকেচন কোম্পানীয়ে কেছবেক হিচাপে গ্ৰাহকক ঘূৰাই দিব। এই অফাৰটো ‘BSNL Shaurya Samarpan’ পদক্ষেপৰ অংশ।