শংকিত পাকিস্তান! সীমান্তৰ পৰা আঁতৰি গৈছে পাকিস্তানী সেনা…

| Edited By: Monjit Dutta

May 01, 2025 | 8:28 PM

ভয় খাইছে পাকিস্তানে। সীমান্তৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে পাকিস্তানী সেনা। উল্লেখ্য যে, নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতীয় সেনাক ফ্ৰী হেণ্ড দিয়াৰ পাছতে পাকিস্তানী সেনা আঁতৰি গৈছে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। পাকিস্তানৰ বহু নেতা মন্ত্ৰীয়ে ভাৰতক ভাবুকি দি আছে যদিও বাস্তৱ অৱস্থাত ভয় খাইছে চুবুৰীয়া ৰাষ্ট্ৰখনে। কিয়নো পাকিস্তানী সেনাই আন্তঃৰাষ্ট্ৰীয় সীমান্তত পোষ্ট ক্লিয়াৰ কৰি আছে। আনকি পতাকাখনো আঁতৰাই পেলাইছে ।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি,  সীমান্তৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে পাকিস্তানী সেনা। পাকিস্তান সেনাই ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাকিস্তানী চকীসমূহ মুকলি কৰি দিছে। আনকি বাংকাৰসমূহৰ পৰা আঁতৰ কৰিছে পাকিস্তানী পতাকা।