শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
সুন্দৰী মহিলা দেখিলেই প্ৰেমত পৰিব নোৱাৰিব, ৰূপজ্যোতি কুৰ্মীৰ সতৰ্কবাণী

সুন্দৰী মহিলা দেখিলেই প্ৰেমত পৰিব নোৱাৰিব, ৰূপজ্যোতি কুৰ্মীৰ সতৰ্কবাণী

Raj Saikia
Raj Saikia | Updated On: 15 Jan 2026 19:04 PM

বহুবিবাহ প্ৰতিৰোধ আইন সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ বিধায়ক ৰূপজ্যোতিয়ে কৈ পেলালে এতিয়া আৰু সুন্দৰী দেখিলে প্ৰেম কৰাৰ হাবিয়াস কৰিব নোৱাৰিব কোনেও। ষ্টাইলিছ মহিলাক দেখিলে দূৰৈৰ পৰা চাই সন্তুষ্টি লভাৰ বাহিৰে আৰু বেলেগ উপায় নাথাকিব পুৰুষসকলৰ।

ৰূপজ্যোতি কুৰ্মী, মৰিয়নী সমষ্টিৰ এইগৰাকী বিধায়ক প্ৰায়েই চৰ্চাত থাকে নিজৰ কথা আৰু কামক লৈ। পুনৰ ৰূপজ্যোতি কুৰ্মীৰ এক মন্তব্যই সংবাদ শিৰোনাম দখল কৰিছে। অসম চৰকাৰে বিধানসভাত উত্থাপন কৰা বহুবিবাহ প্ৰতিৰোধ আইন সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ বিধায়ক ৰূপজ্যোতিয়ে কৈ পেলালে এতিয়া আৰু সুন্দৰী দেখিলে প্ৰেম কৰাৰ হাবিয়াস কৰিব নোৱাৰিব কোনেও। ষ্টাইলিছ মহিলাক দেখিলে দূৰৈৰ পৰা চাই সন্তুষ্টি লভাৰ বাহিৰে আৰু বেলেগ উপায় নাথাকিব পুৰুষসকলৰ।

ইপিনে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে লগতে কয় যে চৰকাৰখনে মহিলাসকলৰ বাবে লোৱা অৰুণোদয় আঁচনি, নিযুত মইনা, বাল্যবিবাহ ৰোধ কৰাৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰৰ বাবে চৰকাৰখনৰ ওপৰত আস্থা ভাজন হৈছে মহিলাসকল। অতি শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে বহুবিবাহৰ ওপৰত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ মহিলাসকল বিজেপি চৰকাৰখনৰ ওপৰত বহু বেছি আকৃষ্ট হৈছে।