শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ লগত গোপন সম্পৰ্ক ৰাখিছে অখিল গগৈয়ে: বিজেপি

জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ লগত গোপন সম্পৰ্ক ৰাখিছে অখিল গগৈয়ে: বিজেপি

trishna-kalita
Trishna Kalita | Published: 17 Dec 2025 17:05 PM

অখিল গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তসকলৰ সৈতে গোপন সম্পৰ্ক ৰাখিছে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে ৷ উল্লেখ্য যে অখিল গগৈয়ে মঙলবাৰে ফেচবুক লাইভযোগে চি আই ডি থানাৰ ১৮/২০২৫ নং গোচৰত তদন্তকাৰী এচ আই টিয়ে আদালতত দাখিল কৰা অভিযোগনামাৰ প্ৰতিলিপি তেওঁ লাভ কৰা বুলি প্ৰকাশ কৰে।

জুবিন গাৰ্গ হত্যাকাণ্ডৰ গোচৰত এচ আই টিয়ে দাখিল কৰা অভিযোগনামা সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। মঙলবাৰে এক সংবাদমেল তথা নিশা ফেচবুক লাইভযোগে কেবাটাও অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। কিন্তু অখিল গগৈৰ এই অভিযোগ সন্দৰ্ভত শাসকীয় দল বিজেপিয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে ব্যাপক সমালোচনা কৰে অখিল গগৈক।