ভাৰতত নহয়, ডুবাইত আছে হাদী কাণ্ডৰ মূল অভিযুক্ত! ভিডিঅ’ ভাইৰেল…

Jan 01, 2026 | 6:16 PM

বাংলাদেশৰ হাদী হত্যাকাণ্ডৰ পাছতে দেশখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ পাছতে বাংলাদেশ আৰক্ষীয়ে অভিযোগ কৰিছিল যে এই কাণ্ড অভিযুক্ত ভাৰতলৈ পলায়ন কৰিছে। কিন্তু শেহতীয়াকৈ অভিযুক্তই কৰে আন এক দাবী।

বাংলাদেশৰ হাদী কাণ্ড সন্দৰ্ভত আহি পৰিছে এক ডাঙৰ খবৰ। ভাৰতক লৈ বাংলাদেশৰ দাবী মিছা বুলি প্ৰমাণিত হৈছে। উল্লেখ কৰাৰ প্ৰয়োজন যে, ইনকিলাব মঞ্চৰ নেতা ওছমান হাদীক হত্যা কৰাৰ পাছত বাংলাদেশৰ পৰিস্থিতি অস্থিৰ হৈ আছে। আনকি প্ৰতিবাদী জনতাই অভিযুক্তক ধৰিবলৈ চৰকাৰক সময়ো বান্ধি দিছে। ইয়াৰ মাজতে বাংলাদেশ আৰক্ষীয়ে দাবী কৰিছিল হাদী কাণ্ডৰ অভিযুক্ত ভাৰতলৈ পলায়ন কৰিছে। কিন্তু এই দাবী মিছা বুলি কৈছে অভিযুক্ত ফৈজল কৰিম মাছুদে।

এই সন্দৰ্ভত ফৈজলে সামাজিক মাধ্যমত এটা পোষ্ট কৰি কয় যে তেওঁ ভাৰতত নাই। হাদী কাণ্ডৰ পাছত তেওঁ ডুবাইলৈ গৈছে। ইয়াৰ দ্বাৰা বাংলাদেশে ভাৰতৰ ওপৰত জাপি দিব বিচৰা দোষ মিছা বুলি প্ৰমাণিত হৈছে। নিজৰ ঠিকনা দিয়াৰ উপৰি বাংলাদেশ কিয় এৰি যাবলগীয়া হয় সেয়া উল্লেখ কৰে ফৈজলে। তেওঁ কয় যে, হাদী কাণ্ডৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। এয়া সকলো এক ষড়যন্ত্ৰ। মিছা অভিযোগৰ বাবে তেওঁ দেশ এৰি যাবলৈ বাধ্য হৈছে।

সেই ভয়ংকৰ কাণ্ডৰ পূৰ্বে হাদীৰ অফিচলৈ যোৱাৰ কথা স্বীকাৰ কৰে মাছুদে। লগতে কয় যে, ইনকিলাব মঞ্চৰ সৈতে তেওঁৰ কেৱল ব্যৱসায়িক সম্পৰ্ক আছিল। এই কাণ্ডত তেওঁক আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন হৈছে। ভিডিঅ’টোত তেওঁ কয়,”হয়, মই হাদীৰ অফিচলৈ গৈছিলো। মই এজন ব্যৱসায়ী, মোৰ এটা আই টি ফাৰ্ম আছে, মই আগতে বিত্ত মন্ত্ৰালয়ত কাম কৰিছিলো। কামৰ বিষয় সন্দৰ্ভত হাদীক লগ কৰিবলৈ গৈছিলো। তেওঁ এডভান্স বিচাৰিছিল। মই তেওঁক ৫ লাখ টকাও দিছিলো। তেওঁ মোক বহু প্ৰগ্ৰেমত দান দিবলৈ কৈছিল, মই তেওঁক সেই অনুসৰি টকা দিছিলো।”

ইয়াৰোপৰি মিছা অভিযোগৰ বাবে তেওঁ ডুবাইলৈ যাবলগীয়া হয় বুলি কয়। মাছুদে উল্লেখ কৰা অনুসৰি, ডুবাইৰ বাবে তেওঁৰ ৫ বছৰৰ মাল্টিপল এন্ট্ৰি ভিছা আছে। যাৰ বাবে তেওঁ ডুবাইলৈ গৈছে। মাছুদৰ এই দাবীৰ পাছতে এতিয়া স্পষ্ট হৈ পৰিছে যে হাদী কাণ্ড সন্দৰ্ভত বাংলাদেশে ভাৰতক লৈ কৰা মন্তব্য মিছা।