শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Assam News: শিখা শৰ্মাক গ্ৰেপ্তাৰৰ পৰা বিজেপিৰ বিৰুদ্ধে গৌৰৱ গগৈৰ অভিযোগলৈ দিনটোৰ শীৰ্ষ খবৰ

Manas Borah
Manas Borah | Published: 19 Jan 2026 23:00 PM

আজি সোমবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি ক'ত কি ঘটিল ? শিখা শৰ্মাক গ্ৰেপ্তাৰৰ পৰা বিজেপিৰ বিৰুদ্ধে গৌৰৱ গগৈৰ অভিযোগলৈ চাওক দিনটোৰ শীৰ্ষ খবৰ।

আৰক্ষীৰ জালত বিতৰ্কিত শিখা শৰ্মা। জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰিছিল সঘনাই বিতৰ্কৰ আৱৰ্তত থকা মহিলাগৰাকীয়ে। আজি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ শিখা শৰ্মাৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ শাখাত এক গোচৰ তৰে। তাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। শিখা শৰ্মাৰ বিৰুদ্ধে জুবিন গাৰ্গ ফেন ক্লাৱেও দিছপুৰ থানাত তৰিছে গোচৰ।

নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ বিৰোধিতা গৌৰৱ গগৈৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এক তীৰ্যক সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পকেটমানিৰ প্ৰয়োজন, সেয়ে এই কৰিড’ৰ নিৰ্মাণ কৰিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে চিণ্ডিকেট চলোৱাৰো অভিযোগ গৌৰৱ গগৈৰ।

অসমত অবৈধ অনুপ্ৰৱেশ সন্দৰ্ভত নৰেন্দ্ৰ মোদীক সমালোচনা কংগ্ৰেছ নেতা উদিত ৰাজৰ। দেওবাৰে অসমৰ অনুপ্ৰৱেশৰ সমস্য়াক লৈ কংগ্ৰেছক দোষাৰোপ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। আজি উদিত ৰাজে কয় যে এক দশকৰো অধিক সময় দেশ শাসন কৰা বিজেপি চৰকাৰ অনুপ্ৰৱেশ ৰোধত ব্যৰ্থ হৈছে।