শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Akhil Gogoi : জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজ্য তোলপাৰ লাগি থকাৰ মাজতে আমৰণ অনশন অখিল গগৈৰ

Akhil Gogoi : জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজ্য তোলপাৰ লাগি থকাৰ মাজতে আমৰণ অনশন অখিল গগৈৰ

barasha-misra
Barasha Misra | Updated On: 30 Sep 2025 20:28 PM

কালি ঘোষণা কৰা মতেই আজি জুবিন গাৰ্গৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ দাখিল কৰে বিৰোধী নেতাগৰাকীয়ে। তাৰ পাচতেই তেওঁ গুৱাহাটীৰ চচলত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰে। সাংবাদিকৰ আগত গগৈয়ে এই গোচৰত অভিযুক্ত তথা নাম সাঙোৰ খোৱা সকলোকে অতিশীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তোলে।

জুবিন গাৰ্গৰ মৃত্যুক লৈ তোলপাৰ ৰাজ্য, তাৰ মাজতে চচলত আমৰণ অনশনত বহিল অখিল গগৈ। জুবিন গাৰ্গক ন্যায় প্ৰদানত পলম, একাংশ অভিযুক্তৰ সৈতে চৰকাৰী পক্ষৰ সংযোগ, ন্যায়ৰ দাবীত প্ৰতিবাদ কৰা একাংশক গ্ৰেপ্তাৰ, অসমক নেপাল কৰিব খোজাৰ অভিযোগ আজি দেধাৰ অভিযোগ-প্ৰতি অভিযোগ দেখা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত। এই সময়তে ৰাইজৰ দলৰ বিধায়ক তথা অসমৰ ৰাজনীতিৰ সদা সৰৱ এক কণ্ঠ অখিল গগৈয়ে আজি গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ।