শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিটিচি নিৰ্বাচনত দুৰ্বল প্ৰদৰ্শন BJPৰ! কাৰণ ব্যাখ্যা দিলীপ শইকীয়াৰ...

বিটিচি নিৰ্বাচনত দুৰ্বল প্ৰদৰ্শন BJPৰ! কাৰণ ব্যাখ্যা দিলীপ শইকীয়াৰ…

trishna-kalita
Trishna Kalita | Updated On: 02 Oct 2025 10:10 AM

যোৱা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বিটিচি নিৰ্বাচনৰ ভোটগণনা হয় ২৬ ছেপ্টেম্বৰ শুকুৰবাৰে। নিৰ্বাচনৰ ফলাফল অনুসৰি বিপিএফ দলে লাভ কৰিলে ২৮ খন আসন। ভাৰতীয় জনতা পাৰ্টীয়ে ৫ খন আসন লাভ কৰাৰ বিপৰীতে ৭ খন আসনতে সীমাবদ্ধ থাকিল প্ৰমোদ বড়োৰ ইউপিপিএল।

নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিটিচিৰ শাসনলৈ উভতি আহিল হাগ্ৰামাৰ দল বিপিএফ। যোৱা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বিটিচি নিৰ্বাচনৰ ভোটগণনা হয় ২৬ ছেপ্টেম্বৰ শুকুৰবাৰে। নিৰ্বাচনৰ ফলাফল অনুসৰি বিপিএফ দলে লাভ কৰিলে ২৮ খন আসন। ভাৰতীয় জনতা পাৰ্টীয়ে ৫ খন আসন লাভ কৰাৰ বিপৰীতে ৭ খন আসনতে সীমাবদ্ধ থাকিল প্ৰমোদ বড়োৰ ইউপিপিএল। ইফালে বিটিচিত আসন শূন্য হৈ ৰ’ল কংগ্ৰেছ আৰু এআইইউডিএফৰ দৰে দল।

তাৰ পিছতে প্ৰশ্ন উত্থাপন হৈছিল কিয় ৫ খন আসনতে থমকিল বিজেপি? বিটিচি নিৰ্বাচনত বিজেপিৰ দুৰ্বল প্ৰদৰ্শনৰ কাৰণ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ক’লে-“বিটিচি নিৰ্বাচনত বিজেপিৰ আসনৰ সংখ্যা কমিছে যদিও ভোটাৰ ৰাইজৰ সমৰ্থনৰ সংখ্যা বাঢ়িছে। বিগত বছৰৰ তুলনাত ভোটৰ শতাংশ বৃদ্ধি পাইছে। পৰাস্ত হোৱাত ঠাইত আমি দ্বিতীয় স্থানত আছোঁ। আমাৰ ৪ খন কমিছে। “