শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আজি পুনৰ নিম্নগামী শ্বেয়াৰ বজাৰ, কিমান পৰিল নিফটি আৰু ছেনছেক্স? সবিশেষ চাওক ভিডিঅ'যোগে

আজি পুনৰ নিম্নগামী শ্বেয়াৰ বজাৰ, কিমান পৰিল নিফটি আৰু ছেনছেক্স? সবিশেষ চাওক ভিডিঅ’যোগে

Raj Saikia
Raj Saikia | Edited By: Manas Borah | Updated On: 10 Mar 2025 21:27 PM

আজি নিফটি ফিফটি ৯২ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে ২১৭ পইন্ট হ্ৰাস পায় ছেনছেক্স । ইয়াৰ উপৰিও আজি দেশৰ বেছিভাগ সূচক নিম্নগামী হোৱা দেখা যায় । ২ শতাংশতকৈও অধিক নিম্নগামী হৈছে স্মলকেপ সূচকসমূহ ।

ক্ৰমাগতভাৱে কেবাদিনো ঊৰ্ধগামী হোৱাৰ পাছত আজি সামান্য নিম্নগামী হয় ভাৰতীয় শ্বেয়াৰ বজাৰৰ দুই মুখ্য সূচক । নিফটি ফিফটি ৯২ পইন্ট হ্ৰাস পোৱাৰ বিপৰীতে ২১৭ পইন্ট হ্ৰাস পায় ছেনছেক্স । ইয়াৰ উপৰিও আজি দেশৰ বেছিভাগ সূচক নিম্নগামী হোৱা দেখা যায় । ২ শতাংশতকৈও অধিক নিম্নগামী হৈছে স্মলকেপ সূচকসমূহ ।

তাৰোপৰি আজি নিম্নগামী হৈছে চীনা সূচক হেংছেং । অৱশ্যে সামান্য ঊৰ্ধগামী হৈছে জাপানী সূচক নিক্কেই ।

আজি কি কি বাঢ়িল:
আজি সৰ্বোচ্চ ১৭.২৯ শতাংশ বাঢ়িছে বংকা বায়’-লুৰ শ্বেয়াৰৰ দাম । ইয়াৰোপৰি আজি বাঢ়িছে ওৱেলস্পান ইনভেষ্টমেন্ট, বোদাল কেমিকেলছ, আইচ মেক ৰেফ্ৰিজাৰেশ্যন আৰু নীতিৰাজ ইঞ্জিনীয়াৰ্ছৰ শ্বেয়াৰৰ দাম ।

আজি কি কি কমিল:
আজি সৰ্বোচ্চ ১১.০৮ শতাংশ কমিল হিন্দুস্তান মিডিয়া ভেঞ্চাৰ্ছৰ শ্বেয়াৰৰ দাম । ইয়াৰ উপৰিও নিওজেন কেমিকেলছ, মইণ্ডটেক, কেপিটেল ট্ৰাষ্ট আৰু এইচপি এডহেছিভৰ শ্বেয়াৰৰ দাম আজি নিম্নগামী হয় ।