6500mAh বেটাৰীৰ সৈতে আহি আছে Vivo T4x 5G, এই স্মাৰ্টফোনটোৰ দাম কিমান হ’ব ? জানক

Vivo কোম্পানীয়ে মুকলি কৰিব নতুন বাজেট স্মাৰ্টফোন Vivo T4x 5G। এই ফোনটো Vivo T3X 5G ফোনটোৰ উন্নীতকৰণ বুলি কোৱা হৈছে । আহক আমি এই শেহতীয়া Vivo ফোনটোৰ মূল্য, বিক্ৰীৰ তাৰিখ আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে সবিশেষ জানোঁ ।

6500mAh বেটাৰীৰ সৈতে আহি আছে Vivo T4x 5G, এই স্মাৰ্টফোনটোৰ দাম কিমান হব ? জানক

Vivo Smartphone

Published: 

05 Mar 2025 15:04 PM

ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে Vivo কোম্পানীয়ে মুকলি কৰিব নতুন বাজেট স্মাৰ্টফোন Vivo T4x 5G। এই ফোনটো Vivo T3X 5G ফোনটোৰ উন্নীতকৰণ বুলি কোৱা হৈছে । আহক আমি এই শেহতীয়া Vivo ফোনটোৰ মূল্য, বিক্ৰীৰ তাৰিখ আৰু বৈশিষ্ট্যসমূহৰ বিষয়ে সবিশেষ জানোঁ ।

Vivo T4x 5G স্পেচিফিকেশন

এই Vivo ফোনটোত 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট সমৰ্থনৰ সৈতে 6.7 ইঞ্চি ফুল এইচডি প্লাছ স্ক্ৰীণ আছে । যিয়ে 1050 নিট পৰ্যন্ত শীৰ্ষ উজ্জ্বলতা সমৰ্থন কৰে।

গতি আৰু মাল্টিটাস্কিঙৰ বাবে এই শেহতীয়া স্মাৰ্টফোনটোত আছে মিডিয়াটেক ডাইমেনচন 7300 প্ৰচেছৰ। এই ফোনটোৱে AnTuTu  ত ৭,২৮,০০০ লাখতকৈ অধিক স্ক’ৰ লাভ কৰিছে। AnTuTu Score হৈছে এক প্ৰকাৰৰ বেঞ্চমাৰ্ক স্ক’ৰ যিয়ে যিকোনো ফোনটোৰ সামগ্ৰিক পাৰফৰমেনচক প্ৰতিফলিত কৰে । ফোনটো টেষ্ট কৰাৰ পিছত এটা নম্বৰ দিয়া হয় আৰু নম্বৰটো যিমানেই বেছি হয় সিমানেই ফোনটো দ্ৰুত হয়।

এই শেহতীয়া Vivo ফোনটোৰ 6500 mAh বেটাৰী দিয়া হৈছে । ই 44 ৱাট ফাষ্ট চাৰ্জ সমৰ্থন কৰে। কোম্পানীটোৱে দাবী কৰিছে যে, এই ফোনটোৱে ৪০ ঘণ্টালৈকে ভিডিঅ’ প্লেবেক সমৰ্থন কৰে।

ফোনটোৰ পিছফালে 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰাৰ লগতে 2 মেগাপিক্সেল ডেপ্টথ কেমেৰাও দিয়া হৈছে। চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ফোনটোৰ সন্মুখত 8 মেগাপিক্সেলৰ কেমেৰা দিয়া হৈছে।

ভাৰতত Vivo T4x 5G মূল্য

Vivo ব্ৰেণ্ডৰ এই শেহতীয়া 5G স্মাৰ্টফোনৰ 6GB/ 128GB ভেৰিয়েণ্টৰ মূল্য ১৩,৯৯৯ টকা, 8GB/ 128GB ভেৰিয়েণ্টৰ মূল্য ১৪,৯৯৯ টকা আৰু শীৰ্ষ 8GB / 256GB ভেৰিয়েণ্টৰ মূল্য ১৬,৯৯৯ টকা। 8GB ভাৰ্চুৱেল ৰেমৰ সহায়ত ৰেম বৃদ্ধি কৰিব পাৰি । ইয়াৰ অৰ্থ হ’ল 8GB ভেৰিয়েণ্টত 8GB ভাৰ্চুৱেল ৰেমৰ সহায়ত ৰেম ১৬ জিবিলৈকে বৃদ্ধি কৰিব পাৰি।

কেতিয়াৰ পৰা আৰম্ভ হ’ব বিক্ৰী ?

এই ফোনটোৰ বিক্ৰী অহা ১২ মাৰ্চৰ পৰা Vivo ৰ অফিচিয়েল চাইটৰ লগতে ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টত আৰম্ভ হ’ব আৰু ১২ মাৰ্চত ১২,৯৯৯ টকাত এই ফোনটো ক্ৰয় কৰিব পাৰিব । কিন্তু এই অফাৰ মাত্ৰ এদিনৰ বাবে। এইচডিএফচি, এক্সিছ আৰু এছবিআই বেংক কাৰ্ডৰ সৈতে ৰেহাইৰ সুবিধা লাভ কৰিব।

কুকুৰাৰ কণী কিয় বিভিন্ন ৰঙৰ হয়? বিজ্ঞানে ক'লে...
কোনবোৰ ৰোগে শৰীৰৰ ওজন বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক
দাঁতৰ ৰং দূৰ হ’ব নিমিষতে, গুটখা ত্যাগ কৰাৰ লগতে এনে খাদ্যাভ্যাসৰো কৰক পৰিৱৰ্তন
অপৰাজিতা ফুল ব্যৱহাৰ কৰিলে কি কি ৰোগৰ পৰা হাত সাৰিব জানেনে?