Vande Bharat Sleeper: অত্যাধুনিক সুবিধা আৰু ডিজাইনৰ সৈতে বন্দে ভাৰতৰ শ্লিপাৰ, চাওক ফটো…
Vande Bharat Sleeper: ৰে'ল যাত্ৰীসকলৰ মাজত বন্দে ভাৰতৰ জনপ্ৰিয়তা অধিক। এই ৰে'লখনৰ ডিজাইন, সুবিধা আৰু গতিবেগে বিভিন্নজনক আকৰ্ষিত কৰ। এই ৰে'লৰ এতিয়া শ্লিপাৰ মুকলি হ'ব।

বন্দে ভাৰত
বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনৰ বাবে দীৰ্ঘদিন ধৰি যাত্ৰীসকলে অপেক্ষা কৰি আছে। এই ট্ৰেইনৰ ডবাসমূহৰ নিৰ্মাণ ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত ‘কিনেট ৰে’লৱে ছলিউচন’ নামৰ প্ৰতিষ্ঠানটোৱে কৰি আছে। ইতিমধ্যেই প্ৰিমিয়াম ট্ৰেইন বন্দে ভাৰতে যাত্ৰীসকলৰ মাজত যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰিছে। কিন্তু বহুতে ইয়াৰ শ্লিপাৰ ডবাৰ বাবে অপেক্ষা কৰি আছে। বন্দে ভাৰতৰ শ্লিপাৰ কেনেকুৱা হ’ব সেয়া জানিবলৈ আগ্ৰহী বিভিন্নজন।
শেহতীয়াকৈ কিছুমান ফটো পোহৰলৈ আহিছে যাৰ দ্বাৰা আপুনি ইয়াৰ কিছু ধাৰণা ল’ব পাৰে। বন্দে ভাৰতৰ এচি ডবাৰ ডিজাইনৰ কনচেপ্টটো পোহৰলৈ আহিছে। এই ফটো আন্তঃৰাষ্ট্ৰীয় ৰে’লৱে সঁজুলিৰ এক প্ৰদৰ্শনীত প্ৰকাশ পাইছে। বন্দে ভাৰতৰ বাবে মুঠ ১৯২০টা ডবা নিৰ্মাণ কৰা হ’ব। ইয়াৰ কাম ইতিমধ্যে ৰাছিয়াৰ কোম্পানী টি এম এইচ আৰু ভাৰত ৰে’ল বিকাশ নিগম লিমিটেডে যৌথভাৱে কাম কৰি আছে।
বন্দে ভাৰত
জানিব পৰা মতে, বন্দে ভাৰত শ্লিপাৰৰ এটা এ চি ডবাত চাৰিটা বাৰ্থ থাকিব। ওপৰৰ বাৰ্থলৈ উঠিবলৈ থাকিব সুবিধাজনক চিৰি। প্ৰতিটো বাৰ্থৰ বাবে সুকীয়াকৈ ৰিডিং লাইট আৰু ইউএছবি প’ৰ্টৰ ব্যৱস্থা থাকিব। লগতে থাকিব স্মাৰ্ট ষ্ট’ৰেজ। চিৰিৰ কাষত ঘড়ী, ফোন আৰু কিতাপ ৰখা ঠাইৰ ব্যৱস্থা কৰা হৈছে।
বন্দে ভাৰত
বন্দে ভাৰত
এই সন্দৰ্ভত সংস্থাটোৱে এক বিবৃতিত কৈছে যে, এই ডিজাইনত প্ৰিমিয়াম আৰু আধুনিক ডিজাইনৰ স্পৰ্শ আছে। ইয়াত ভাৰতীয় শিল্পীৰ ব্লক প্ৰিন্ট কৌশল ব্যৱহাৰ কৰা হৈছে। ২০২৫ চনৰ ভিতৰতেই ইয়াৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ২০২৬ চনৰ জুন মাহত প্ৰথমটো প্ৰ’ট’টাইপ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।
জানিব পৰা মতে, ভাৰতীয় ৰে’লৱেই বন্দে ভাৰত নিৰ্মাণৰ বাবে তিনিটা সংগঠনৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। সেইকেইটা হ’ল, কিনেট ছলিউচন, বি ই এম এল টিটাগড় ৰেল চিষ্টেম লিমিটেড আৰু ভাৰত হেভি ইঞ্জিনিয়াৰিং লিমিট।